ৰামায়ণত হনুমান হ’ব চানী দেউল! দেখা যাব এইসকল অভিনেতা-অভিনেত্ৰীকো…

অহা ২০২৬ চনত চিনেমা ৰূপত ভাৰতীয় জনসাধাৰণৰ কাষ চাপিব ৰামায়ণ। এই ছবিখনত ৰণবীৰ কাপুৰক ৰাম আৰু সাই পল্লৱীক সীতাৰ চৰিত্ৰত দেখা যাব। আন এক খবৰ মতে এই ছবিখনত ৰামভক্ত হনুমানৰ চৰিত্ৰত অভিনয় কৰিব চানী দেউলে। ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিবলগীয়া আন কেইজনমান অভিনেতা অভিনেত্ৰী সন্দৰ্ভতো খবৰ প্ৰকাশ পাইছে।

ৰামায়ণত হনুমান হ’ব চানী দেউল! দেখা যাব এইসকল অভিনেতা-অভিনেত্ৰীকো…

ৰামায়ণ ছবিৰ চৰিত্ৰত কোন কোন!

Updated On: 

13 Dec 2024 | 03:59 PM

টেলিভিছনত সম্প্ৰচাৰিত হোৱা ৰামায়ণৰ জনপ্ৰিয়তাৰ বিষয়ে সকলোৱেই বিদিত। ভাৰতীয় জনসাধাৰণৰ মন-মগজুত ৰামায়ণ ধাৰাবাহিকে দখল কৰিছিল এক বিশেষ স্থান। টেলিভিছনৰ এই জনপ্ৰিয়তাৰ পিছত চিনেমা ৰূপত ভাৰতীয় জনসাধাৰণৰ কাষ চাপিব ৰামায়ণ। তথ্য অনুসৰি, ২০২৬ চনত মুক্তি পাব বলীউডত নিৰ্মাণ হৈ থকা ৰামায়ণ ছবি। নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ৰামায়ণৰ প্ৰথম খণ্ডত ৰণবীৰ কাপুৰক ৰামৰ চৰিত্ৰত দেখা যাব। আনহাতে দক্ষিণৰ অভিনেত্ৰী সাই পল্লৱীক দেখা যাব সীতাৰ ভূমিকাত।

শেহতীয়াকৈ প্ৰকাশ পোৱা আন এক খবৰ মতে এই ছবিখনত ৰামভক্ত হনুমানৰ চৰিত্ৰত অভিনয় কৰিব চানী দেউলে। ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিবলগীয়া আন কেইজনমান অভিনেতা অভিনেত্ৰী সন্দৰ্ভতো খবৰ প্ৰকাশ পাইছে। এই খবৰ সন্দৰ্ভত এইপৰ্যন্ত নিশ্চিতি লাভ কৰা নাই যদিও চাওঁ আহক চৰ্চালৈ অহা কেইটিমান নাম আৰু তেওঁলোকে ৰূপায়ন কৰিবলগীয়া সম্ভাৱ্য চৰিত্ৰ-

ৰণবীৰ কাপুৰ (ৰাম/পৰশুৰাম)

ৰণবীৰ কাপুৰে ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিব বুলি ইতিমধ্যে নিশ্চিত হৈছে। কিন্তু শেহতীয়াকৈ তেওঁক ছবিখনত ভগৱান পৰশুৰামৰ চৰিত্ৰতো দেখা যাব বুলি বাতৰি প্ৰকাশ পাইছে। অৰ্থাৎ আগন্তুক ছবিখনত দ্বৈত ভূমিকাত দেখা যাব ৰণবীৰ কাপুৰক।

যশ (ৰাৱণ)

দক্ষিণৰ জনপ্ৰিয় অভিনেতা তথা KGF ছবিৰ জৰিয়তে দেশজুৰি চৰ্চিত হোৱা যশক এই ছবিখনত ৰাৱণৰ চৰিত্ৰত দেখা পোৱা যাব পাৰে বুলি খবৰ প্ৰকাশ পাইছে। প্ৰথমে তেওঁ ছবিখনৰ প্ৰযোজনাতহে জড়িত থাকিব বুলি জানিব পৰা গৈছিল যদিও এতিয়া ৰাৱণৰ চৰিত্ৰ ৰূপায়নৰ বাবে সাজু হৈছে যশ।

সাই পল্লৱী (সীতা)

তথ্য অনুসৰি, সীতাৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত হৈছে সাই পল্লৱী। এই চৰিত্ৰৰ বাবে প্ৰথমে আলিয়া ভাটৰ নাম চৰ্চালৈ আহিছিল যদিও পিছত দক্ষিণৰ অভিনেত্ৰীগৰাকীক নিৰ্বাচন কৰা হয়। লক্ষণীয়ভাৱে শেহতীয়াকৈ কিছু বক্তব্যৰ বাবে একাংশ হিন্দু সংগঠন তথা কৰ্মীৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছে ছাই পল্লৱী।

চানী দেউল (হনুমান)

দীৰ্ঘদিন ধৰি ছবিখনৰ সৈতে চানী দেউলৰ নাম চৰ্চিত হৈ আছিল। এতিয়া হনুমান চৰিত্ৰৰ বাবে তেওঁক চূড়ান্ত কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

অমিতাভ বচ্চন (জটায়ু)

ইফালে ৰামায়ণ ছবিৰ সৈতে জড়িত হ’ব অমিতাভ বচ্চনো। অৱশ্যে এই ছবিখনত তেওঁ কোনো চৰিত্ৰত অভিনয় নকৰে, বৰঞ্চ জটায়ু চৰিত্ৰৰ বাবে সংলাপত কণ্ঠ নিগৰাব বলীউডৰ বিগ বিয়ে। সম্ভৱত ছবিখনত জটায়ুৰ চৰিত্ৰ ভিএফএক্স যোগে দেখুওৱা হ’ব।

ৰবি ডুবে (লক্ষ্মণ)

লক্ষ্মণৰ চৰিত্ৰৰ বাবে বহু অভিনেতাৰ নাম বিবেচনা কৰা হৈছিল। এতিয়া ইয়াৰে ভিতৰত এগৰাকী অভিনেতাৰ নাম চূড়ান্ত কৰা হৈছে। টেলিভিচনৰ অভিনেতা ৰবি ডুবেক ৰামায়ণত লক্ষ্মণৰ চৰিত্ৰত দেখা যাব বুলি খবৰ প্ৰকাশ পাইছে।

অৰুণ গোভিল (দশৰথ)

ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰি দেশবাসীৰ শ্ৰদ্ধা আৰু সন্মানৰ অধিকাৰী হৈ পৰা অৰুণ গোভিলো থাকিব ৰামায়ণত। অৱশ্যে এইবাৰ তেওঁক ৰামৰ পিতৃ দশৰথৰ চৰিত্ৰত দেখা যাব বুলি জানিব পৰা গৈছে।

লাৰা দত্ত (কৈকেয়ী)

কিছুদিন পূৰ্বে ‘ৰামায়ণ’ৰ শ্বুটিং স্থলীৰ পৰা লাৰা দত্তৰ ছবি ভাইৰেল হৈছিল। তেতিয়াই অভিনেত্ৰীগৰাকী ছবিখনৰ সৈতে জড়িত হৈ আছে বুলি চৰ্চা চলিছিল। খবৰ অনুসৰি ছবিখনত কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিব লাৰা দত্তই।

ইফালে চানী দেউলৰ ভাতৃ ববী দেউলকো ছবিখনত কুম্ভকৰ্ণৰ চৰিত্ৰত দেখা যাব বুলি আন এক খবৰ প্ৰকাশ পাইছে। কিন্তু এই কথা এতিয়াও নিশ্চিত হোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...