আন এক বিপদত শিল্পা-কুন্দ্ৰা দম্পতী! আৰক্ষীয়ে জাৰি কৰিলে লুক আউট ন’টিচ, আঁৰত এই কাৰণ
এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে ৬০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে দুয়োলৈ লুক আউট ন’টিচ জাৰি কৰিছে। অৰ্থাৎ এতিয়া অভিনেত্ৰী শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাই দেশৰ বাহিৰলৈ যোৱাৰ অনুমতি লাভ নকৰিব।

বিপদত শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰা
পুনৰ এবাৰ আইনী সমস্যাত পৰিছে বলীউডৰ চৰ্চিত দম্পতী শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰা। মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই দুয়োৰে বিৰুদ্ধে জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰিছে। এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে ৬০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে দুয়োলৈ লুক আউট ন’টিচ জাৰি কৰিছে। অৰ্থাৎ এতিয়া অভিনেত্ৰী শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাই দেশৰ বাহিৰলৈ যোৱাৰ অনুমতি লাভ নকৰিব। দীপক কোথাৰী নামৰ এগৰাকী ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই ব্যৱসায়ীগৰাকীয়ে ২০১৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৬০ কোটিতকৈ অধিক টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে। দীপক কোথাৰীয়ে উল্লেখ কৰা মতে, তেওঁ নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই ধন দম্পতীহালৰ Best Deal TV Pvt. Ltd নামৰ কোম্পানীটোত বিনিয়োগ কৰিছিল।
কিন্তু এই ধন শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰাই ব্যক্তিগত খৰচৰ বাবে ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰিছে। খবৰ অনুসৰি ২০১৫ চনত কোথাৰীয়ে এজেণ্টৰ জৰিয়তে শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰাৰ এই কোম্পানীটোৰ সৈতে জড়িত হৈ পৰিছিল। এই কোম্পানীটোৱে মূলতঃ অনলাইন শ্বপিং প্লেটফৰ্ম চলাইছিল।
অভিযোগকাৰীৰ মতে, কোম্পানীটোক ৭৫ কোটি টকাৰ প্ৰয়োজন হোৱাৰ সময়ত তেওঁ কৰ ৰাহি কৰিবলৈ ঋণক বিনিয়োগলৈ ৰূপান্তৰিত কৰিছিল। এই সময়ছোৱাত কোথাৰীয়ে কোম্পানীটোত ৬০ কোটি ৪৮ লাখ টকা বিভিন্ন কিস্তিত বিনিয়োগ কৰে। অভিযোগকাৰীয়ে লগতে কয় যে ২০১৬ চনৰ এপ্ৰিল মাহত শিল্পা শ্বেট্টীয়ে নিজেই এই ধন ঘূৰাই দিয়াৰ ব্যক্তিগত নিশ্চয়তা দিছিল।
কিন্তু মূৰকত এনে নহ’ল আৰু পাছত শিল্পা শ্বেট্টীয়ে এই কোম্পানীটোৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰাৰ পিছত কোম্পানীটো দেউলীয়া হৈ পৰে বুলি কোথাৰীয়ে লগতে কয়। ইফালে কোথাৰীয়ে কোম্পানীৰ পৰা তেওঁৰ ধন ঘূৰাই বিচাৰিছিল যদিও যোৱা ৯ বছৰলৈকে তেওঁৰ ধন ঘূৰাই দিয়া হোৱা নাই বুলিও অভিযোগ কৰে।
এতিয়া এই গোচৰত মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৪০৩, ৪০৬ আৰু ৩৪ৰ অধীনত এফ আই আৰ দাখিল কৰিছে। সম্প্ৰতি এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে লগতে বিনিয়োগ কৰা ধন কি কামত ব্যৱহাৰ কৰা হৈছিল, সেই বিষয়ে জানিবলৈ চেষ্টা চলাইছে।