আকৌ কইনা হ’ব মলাইকা আৰোৰা! পিছে দৰা অৰ্জুন কাপুৰ নেকি?

অৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত অৰ্জুন কাপুৰৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল মালাইকা। অৱশ্যে যোৱা বছৰ দুয়োজনে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তেওঁলোক এতিয়া চিংগল।

আকৌ কইনা হব মলাইকা আৰোৰা! পিছে দৰা অৰ্জুন কাপুৰ নেকি?

আকৌ কইনা হ'ব মলাইকা আৰোৰা!

Published: 

16 Aug 2025 | 05:19 PM

মলাইকাৰ প্ৰাক্তন স্বামী আৰবাজ খান পুনৰ পিতৃ হ’বলৈ ওলাইছে। আনহাতে দ্বিতীয় বাৰৰ বাবে মলাইকা অৰোৰাই সাজু হৈছে বিয়াৰ বাবে! এনেধৰণৰ উৰাবাতৰিয়ে স্থান লাভ কৰিছে বলীউডত। শেহতীয়াভাৱে মলাইকাই দিয়া এটা সাক্ষাৎকাৰক লৈ চৌদিশে চলিছে চৰ্চা।

শেহতীয়াকৈ দিয়া এটা সাক্ষাৎকাৰত যেতিয়া বিবাহ আৰু সম্পৰ্কৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল, তেতিয়া মলাইকাই কয়, “মই সদায় প্ৰেম আৰু সম্পৰ্কত বিশ্বাস কৰি আহিছো। আনকি বিবাহতো। কিন্তু মই ভাবো এগৰাকী ছোৱালীয়ে বিয়াৰ আগতে সময় উলিয়াব লাগে আৰু নিজকে বুজিব লাগে। প্ৰতিগৰাকীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগে। তাৰ পিছতহে বিয়া হ’ব লাগে। আচলতে মই অতি কম বয়সতে বিয়া হৈছিলো। সেইটো মোৰ বাবে উপযুক্ত নাছিল।”

সাক্ষাৎকাৰত মালাইকাই লগতে কয়, “মই অতি ৰোমান্টিক মানুহ, প্ৰেম কৰি ভাল পাওঁ। গতিকে প্ৰেম আৰু বিবাহৰ বাবে মোৰ হৃদয়ৰ দুৱাৰখন সদায় খোলা থাকে! হয়তো সকলো আকস্মিকভাৱে হ’ব পাৰে।”

মলাইকাৰ কথাৰ পৰা চৌদিশে মলাইকাৰ দ্বিতীয় বিবাহৰ চৰ্চা আৰম্ভ হৈছে। ইফালে মলাইকাক বিয়াখন কেতিয়া হ’ব আৰু দৰা অৰ্জুন কাপুৰ নেকি বুলি সোধাত অভিনেত্ৰীগৰাকীয়ে মুখ বন্ধ কৰি ৰাখিলে। বৰঞ্চ তেওঁ হাঁহি হাঁহি ক’লে, “সকলো সময়ৰ বাবে অপেক্ষা কৰি আছো।”

অৰবাজ খানৰ সৈতে ব্ৰেকআপৰ পিছত মলাইকাৰ অৰ্জুন কাপুৰৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছিল। অৱশ্যে যোৱা বছৰ দুয়োজনে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তেওঁলোক চিংগল। তেতিয়াৰ পৰাই মলাইকাৰ নতুন সম্পৰ্কত আছে বুলি উৰাবাতৰি প্ৰচাৰ হৈ আছে। অৱশ্যে উৰাবাতৰিৰ মাজতো মালাইকাই একো কোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...