অভিনেত্ৰী কাজলৰ মৃত্যুৰ খবৰ, পোহৰলৈ আহিছে প্ৰকৃত সত্য

শেহতীয়াকৈ অভিনেত্ৰী কাজল আগৰৱালৰ মৃত্যুৰ উৰাবাতৰি বিয়পি পৰিছিল। একাংশই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰে। ছ’চিয়েল মিডিয়াত এই উৰাবাতৰি বনজুইৰ দৰে বিয়পি পৰাৰ সময়তে কাজোলে নিজেই আগবাঢ়ি আহি ক’লে যে এই খবৰটো সম্পূৰ্ণ ভিত্তিহীন।

অভিনেত্ৰী কাজলৰ মৃত্যুৰ খবৰ, পোহৰলৈ আহিছে প্ৰকৃত সত্য

অভিনেত্ৰী কাজলৰ মৃত্যুৰ খবৰ!

Published: 

09 Sep 2025 23:55 PM

শেহতীয়াকৈ অভিনেত্ৰী কাজল আগৰৱালৰ মৃত্যুৰ খবৰ চৌদিশে বিয়পি পৰিছিল। একাংশ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰে। ছ’চিয়েল মিডিয়াত এই উৰাবাতৰি বনজুইৰ দৰে বিয়পি পৰাৰ সময়তে কাজলে নিজেই আগবাঢ়ি আহি এই খবৰটো সম্পূৰ্ণ ভিত্তিহীন বুলি কয়। সোমবাৰে কাজলে ছ’চিয়েল মিডিয়াত নিজৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলক আশ্বস্ত কৰে যে তেওঁ সুৰক্ষিত আৰু সুস্থ। ছ’চিয়েল মিডিয়াত পথ দুৰ্ঘটনাৰ উৰাবাতৰিৰ সৃষ্টি হৈছিল আৰু সেয়ে নিজেই বিষয়টো স্পষ্ট কৰি দিয়ে।

কাজলে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, “মই কিছুমান ভিত্তিহীন খবৰ দেখিছো য’ত কোৱা হৈছে যে মই এটা দুৰ্ঘটনাত প্ৰাণ ত্যাগ কৰিছোঁ – সঁচা কথা ক’বলৈ গ’লে, ই হাস্যকৰ, কাৰণ এইবোৰ সম্পূৰ্ণ মিছা।” লগতে লিখিছে, ভগৱানৰ কৃপাত মই সম্পূৰ্ণ সুস্থ । আপোনালোকক অনুৰোধ কৰিছো যে এনে ভুৱা বাতৰি বিশ্বাস বা প্ৰচাৰ নকৰিব। তাৰ পৰিৱৰ্তে আমি ইতিবাচকতা আৰু সত্যৰ ওপৰত গুৰুত্ব দিয়া উচিত।” এই কথাত কাজোলৰ অনুৰাগীসকল আশ্বস্ত হৈছে।

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!