বলীউডৰ পৰা আন এক শোকৰ খবৰ, ২৫ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

২৪ অক্টোবৰত চিকিৎসালয়ৰ বিচনাত শচীনে শেষ নিশ্বাস ত্যাগ কৰে। অতি কম বয়সৰ পৰাই শচীন অভিনয়ৰ লগত জড়িত আছিল । প্ৰথমে নাটক, তাৰ পিছত সৰু সৰু ধাৰাবাহিক অভিনয় কৰিছিল শচীনে।

বলীউডৰ পৰা আন এক শোকৰ খবৰ, ২৫ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

অভিনেতা শচীন চন্দৱাদেৰ মৃত্যু

Published: 

28 Oct 2025 | 12:47 PM

বলীউডত জগতত আন এক দুখৰ খবৰ। পংকজ ধীৰ, আছৰানী, সতীশ শ্বাহৰ পিছত ‘জামতাৰা ২’ৰ বিখ্যাত অভিনেতা শচীন চন্দৱাদেৰ মৃত্যু। খবৰ অনুসৰি জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ২৫ বছৰীয়া শচীনে। অৱশ্যে শচীনে কিয় এনে সিদ্ধান্ত ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অভিনেতা হোৱাৰ উপৰিও শচীন পেছাত এগৰাকী অভিযন্তা। শচীনে পূৰ্বে পুনেৰ এটা আই টি কোম্পানীত কাম কৰিছিল। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ২৩ অক্টোবৰত অভিনেতাগৰাকীৰ পৰিয়ালৰ লোকে ফেনত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে।

সেই সময়ত তেওঁ জীয়াই আছিল। তাৰ পিছত লগে লগে তেওঁক  স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু ভাল খবৰ নাহিল। ২৪ অক্টোবৰত চিকিৎসালয়ৰ বিচনাত শচীনে শেষ নিশ্বাস ত্যাগ কৰে। অতি কম বয়সৰ পৰাই শচীন অভিনয়ৰ লগত জড়িত আছিল । প্ৰথমে নাটক, তাৰ পিছত সৰু সৰু ধাৰাবাহিক অভিনয় কৰিছিল শচীনে।

জামতাৰা ছিৰিজখন তেওঁৰ বাবে আছিল এক ডাঙৰ টাৰ্নি পইণ্ট । শেহতীয়াকৈ শচীনে এখন মাৰাঠী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল। এই খবৰটো নিজে ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে। অৱশ্যে নতুন সুযোগ পোৱাৰ আগতেই সকলো শেষ হৈ গ’ল। ২৫ বছৰীয়া শচীনে কিয় এই কাম কৰিলে সেই কথাক লৈ তেওঁৰ পৰিয়াল লোকসকলো বিমোৰত পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...