স্বাধীনতা দিৱসলৈ কেইটামান পৰঃ চাওঁ আহক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তুলিব পৰা বলীউডৰ কেইটামান গান

স্বাভাৱিকতেই স্বাভাৱিকতা দিৱসৰ দিনটোত প্ৰতিজন লোকৰ হৃদয়ত জাগ্ৰত হয় দেশপ্ৰেমৰ অনুভূতি। এনে অৱস্থাত এটি দেশপ্ৰেমমূলক গীতে মনত দিব পাৰে এক অনন্য খোৰাক।

স্বাধীনতা দিৱসলৈ কেইটামান পৰঃ চাওঁ আহক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তুলিব পৰা বলীউডৰ কেইটামান গান

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

12 Aug 2025 22:57 PM

ব্ৰিটিছ ঔপনিৱেশ শাসন ওফৰাই ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতাৰ সোৱাদ লাভ কৰিছিল ভাৰতবৰ্ষই। দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া শত শত শ্বহীদৰ তেজৰ বেদীত প্ৰতিষ্ঠিত আজিৰ ভাৰতবৰ্ষৰ গৌৰৱ। এইবাৰ ১৫ আগষ্টত ভাৰতে উদযাপন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। স্বাভাৱিকতেই এই দিনটোত প্ৰতিজন লোকৰ হৃদয়ত জাগ্ৰত হয় দেশপ্ৰেমৰ অনুভূতি। এনে অৱস্থাত এটি দেশপ্ৰেমমূলক গীতে মনত দিব পাৰে এক অনন্য খোৰাক।

জনসাধাৰণৰ অৱসৰ বিনোদন আৰু মনোৰঞ্জনৰ এক মাধ্যম হৈছে চিনেমা। সমান্তৰালকৈ চিনেমাই মানৱ মনত আন অনুভূতিৰো সৃষ্টি কৰে। চিনেমাৰ দৃশ্যয়ো আমাৰ মনত সৃষ্টি কৰে দেশপ্ৰেমৰ ভাৱ। বলীউডত এইপৰ্যন্ত বহু দেশপ্ৰেমমূলক চিনেমা নিৰ্মাণ কৰা হৈছে। এই চিনেমাসমূহৰ লগতে বলীউডৰ দেশপ্ৰেমমূলক বহু গান মানুহৰ মুখে মুখে।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চাওঁ আহক এই মহান ক্ষণত আপোনাৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিব পৰা এনে কেইটিমান গীতৰ বিষয়ে-

ছোড়ো কল কি বাতেইনঃ ১৯৬০ চনত মুক্তি পোৱা হম হিন্দুস্তানী ছবিৰ এই গীতটিত সুনীল দত্ত, আশা পাৰেখ, সঞ্জীৱ কুমাৰ, জয় মুখাৰ্জীৰ দৰে অভিনেতা-অভিনেত্ৰীক দেখা গৈছিল। ছবিখনৰ ‘ছোড়ো কল কি বাতেই’ গীতটোত মুকেশে কণ্ঠদান কৰিছিল। গীতটি প্ৰেম ধাৱনে ৰচনা কৰিছিল আৰু ইয়াৰ সংগীত আছিল উষা খান্নাৰ।

ভাৰত কা ৰহনে ৱালা হুঃ ১৯৭০ চনত মুক্তি পাইছিল মনোজ কুমাৰ পৰিচালিত পূৰব ঔৰ পছিম। ছবিখনত মনোজ কুমাৰক মুখ্য চৰিত্ৰত দেখা গৈছিল আৰু ছাইৰা বানুক তেওঁৰ বিপৰীতে দেখা গৈছিল। এই ছবিখনৰে ভাৰত কা ৰহনে ৱালা হু গীতটো চিৰসেউজ হৈ পৰে। এই গীতটোত কণ্ঠদান কৰিছিল মহেন্দ্ৰ কাপুৰে। গীতটোৰ সংগীত আছিল কল্যাণজী আনন্দজীৰ আৰু গীতৰ কথা আছিল ইন্দ্ৰবৰৰ।

সন্দেশে আতে হেইঃ ১৯৯৭ চনত মুক্তি পোৱা বলীউডৰ ব্লকবাষ্টাৰ ছবি ব’ৰ্ডাৰ ছবিখন নিৰ্মাণ কৰিছিল জে পি দত্তই। ছবিখনত ছানী দেউল, জেকী শ্ৰুফ, সুনীল দত্ত, অক্ষয় খান্না আদি অভিনেতাক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। এই ছবিখনতে থকা সন্দেশে আতে হেই নামৰ গীতটোৱে আজিও প্ৰতিক্ষণত জোকাৰি যায় শ্ৰোতাক। গীতটিত কন্ঠদান কৰিছিল সোণু নিগম আৰু ৰূপ কুমাৰ ৰাথোড়ে। গীতটিৰ কথা আছিল জাভেদ আখতাৰৰ আৰু সংগীত আছিল অনু মালিকৰ।

এ মেৰে ৱটন কে ল’গৌঃ প্ৰয়াত কণ্ঠশিল্পী লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটোৱে আজিও চকু সেমেকাই তোলে দেশবাসীৰ। এক অনুষ্ঠানত তেওঁ এই গীতটো পৰিৱেশন কৰিছিল। সেই সময়ত উপস্থিত থকা দৰ্শকসকলে কান্দি উঠিছিল গীতৰ তালত। অনুষ্ঠানত দৰ্শকৰ আসনত থকা তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুৰ দুচকুও চকুলোৰে ভৰি পৰিছিল।

আই লাভ মাই ইণ্ডিয়াঃ পৰিচালক-প্ৰযোজক সুভাষ ঘায়ে নিৰ্মাণ কৰা পৰ্দেছ ছবিখন ১৯৯৭ চনত মুক্তি পাইছিল। ছবিখনত শ্বাহৰুখ খান, মহিমা চৌধুৰী, অপূৰ্ব অগ্নিহোত্ৰী, অমৃশ পুৰী আৰু আলোক নাথক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। এই ছবিখনৰে আই লাভ মাই ইণ্ডিয়া গীতটো আজিও মানুহৰ মুখে মুখে। এই গীতটিত কণ্ঠদান কৰিছিল হৰিহৰণ, কবিতা কৃষ্ণমূৰ্তি, শংকৰ মহাদেৱন, আদিত্য নাৰায়ণে। গীতটিৰ সংগীত আছিল নদীম-শ্ৰাৱনৰ আৰু গীতৰ কথা আছিল আনন্দ বক্সীৰ।

মেৰা মুল্ক মেৰা দেশঃ ১৯৯৬ চনত মুক্তি পোৱা হেৰী বাৱেজাৰ ছবি দিলজলেৰ মেৰা মুল্ক মেৰা দেশ অন্য এটি জনপ্ৰিয় দেশপ্ৰেমমূলক গীত। এই গীতটোত কণ্ঠদান কৰিছিল অলকা য়াগনিক, কুমাৰ চানু আৰু আদিত্য নাৰায়ণে। গীতটিৰ কথা জাভেদ আখতাৰে লিখাৰ বিপৰীতে ইয়াৰ সংগীত আছিল অনু মালিকৰ। অজয় দেৱগন আৰু সোণালী বেন্দ্ৰেই এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

এইছা দেশ হ্যেই মেৰাঃ পৰিচালক আৰু প্ৰযোজক যশ চোপ্ৰাৰ নিৰ্দেশনাত ২০০৪ চনত মুক্তি লাভ কৰিছিল বীৰ-জাৰাই। ছবিখনত শ্বাহৰুখ খান, প্ৰীতি জিন্তা, ৰাণী মুখাৰ্জী, অনুপম খেৰৰ দৰে অভিনেতাক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। এই ছবিৰে গীত এইছা দেশ হ্যেই মেৰা। এই গীতটিত কণ্ঠদান কৰিছিল লতা মংগেশকাৰ, উদিত নাৰায়ণ, গুৰদাস মান আৰু প্ৰীতা মজুমদাৰে। গীতটোৰ কথা জাভেদ আখতাৰে লিখাৰ বিপৰীতে ইয়াৰ সংগীত পৰিচালক আছিল প্ৰয়াত মদন মোহন।

তেৰি মিট্টিঃ ২০১৯ চনত মুক্তি পোৱা কেছৰী ছবিখনৰ পৰিচালক আছিল অনুৰাগ সিং। ছবিখনত অক্ষয় কুমাৰ আৰু পৰিণীতি চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই দেশপ্ৰেমমূলক ছবিখনৰে
‘তেৰী মিট্টি’ শীৰ্ষক গীতটিয়ে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। গীতটোত কণ্ঠদান কৰিছিল বি প্ৰাকে। গীতটো লিখিছিল মনোজ মুন্টাশ্বিৰে।

এ ৱটন মেৰে ৱটনঃ ২০১৮ চনত মুক্তি পোৱা মেঘনা গুলজাৰৰ ৰাজী ছবিখনত আলিয়া ভাটে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে বিকি কৌশলকো এক গুৰুত্বপূৰ্ণ দৃশ্যত দেখা গৈছিল। এই ছবিখনতে আছিল এ ৱটন মেৰে ৱটন শীৰ্ষক গীতটো। এই গীতটিত সুনিধি চৌহানে কন্ঠদান কৰাৰ বিপৰীতে ইয়াৰ পুৰুষ সংস্কৰণটোত অৰিজিত সিঙে কণ্ঠদান কৰিছে। গীতটোৰ কথা গুলজাৰে লিখিছিল আনহাতে ইয়াৰ সংগীত পৰিচালক আছিল শংকৰ এহছান লয়।

মা তুঝে চালামঃ ১৯৯৭ চনত মুক্তি পোৱা এ আৰ ৰহমানৰ এক এলবামত আছিল এই বিখ্যাত গীতটো। এই এলবামটোৰ অধিকাংশই আছিল দেশপ্ৰেমমূলক গীত আৰু তাৰ ভিতৰতে মা তুঝে চালাম গীতটোৱে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল। এ আৰ ৰহমানে গীতটোত কণ্ঠদান কৰাৰ লগতে সংগীতো দিছিল। গীতৰ কথা লিখিছিল মেহবুব কোতৱালে আৰু এলবামটো প্ৰযোজনা কৰিছিল ভাৰত বালাৰে।

লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ
বাৰে বাৰে ভোক লাগে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...