Hina Khan Wedding: গোপনে প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী হিনা খান

হিনাৰ অনুৰাগীৰ বাবে এটা ডাঙৰ খবৰ। দীৰ্ঘদিনীয়া প্ৰেমিক ৰকি জয়ছৱালৰ সৈতে বিবাহপাশত আৱদ্ধ অভিনেত্ৰীগৰাকী। গোপনে অনুষ্ঠিত কৰিলে বিবাহ। অনুৰাগীৰ বাবে সামাজিক মাধ্যমত বিবাহৰ ফটো শ্বেয়াৰ কৰিছে হিনাই।

Hina Khan Wedding: গোপনে প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী হিনা খান

গোপনে প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী হিনা খান

Published: 

04 Jun 2025 | 07:28 PM

‘Yeh Rishta Kya Kehlata Hai’ ৰ অক্ষৰা অৰ্থাৎ অভিনেত্ৰী হিনা খান সদায় বাতৰিৰ শিৰোনামত থাকে। অভিনেত্ৰী গৰাকীয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজি আছে। ইফালে হিনাৰ অনুৰাগীৰ বাবে এটা ডাঙৰ খবৰ আহিছে। দীৰ্ঘদিনীয়া প্ৰেমিক ৰকি জয়ছৱালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে অভিনেত্ৰীগৰাকী। হিনা আৰু ৰকীৰ বিয়া গোপনে হৈছে। এতিয়া হিনাই বিবাহৰ ফটো সামাজিক মাধ্যমত অনুৰাগীৰ বাবে শ্বেয়াৰ কৰিছে।

হিনাই ফটোৰ সৈতে কেপচনো শ্বেয়াৰ কৰিছে

অভিনেত্ৰী হিনা খানেও বিবাহৰ ফটোৰ লগতে এটা অতি সুন্দৰ কেপচন শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে লিখিছে যে, ‘দুখন ভিন্ন জগতত যোগ দি আমি এখন সৰু পৃথিৱী সৃষ্টি কৰিছোঁ। আমি আমাৰ সকলো অভিযোগ মচি আজীৱনৰ সম্পৰ্ক গঢ়ি তুলিছো। আমি ইজনে সিজনৰ পৃথিৱী আৰু আজিৰ পৰা আমি ইজনে সিজনৰ হৈ পৰিছো।’ অনুৰাগীয়ে হিনা আৰু ৰকীৰ ফটোৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে।

বিয়াৰ বহু ফটো একেলগে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই ছবিবোৰত হিনা আৰু ৰকিক বৰ ধুনীয়া দেখা গৈছে। হিনাৰ শাৰীখনৰ ডিজাইন কৰিছে বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...