HERA PHERI 3: বেয়া খবৰ! হেৰা ফেৰী ৩- ত দেখা নাপাই এই জনপ্ৰিয় চৰিত্ৰটোক, আনুষ্ঠানিক ঘোষণা…
HERA PHERI 3: হেৰা ফেৰী-৩ সন্দৰ্ভত পোহৰলৈ আহিছে এটা ডাঙৰ খবৰ। এই ছবিখনত এতিয়া দৰ্শকে দেখা নাপাই এটা জনপ্ৰিয় চৰিত্ৰ। সামাজিক মাধ্যমত কৰিলে বিশেষ ঘোষণা।

হেৰা ফেৰী
ৰাজু, শ্যাম আৰু বাবুৰাও অবিহনে অসম্পূৰ্ণ হেৰা ফেৰী ৩ (Hera pheri 3) । ইয়াৰে এটা চৰিত্ৰৰ অনুপস্থিতিয়েও ছবিখনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। বিগত সময়চোৱাত ছবিখন সন্দৰ্ভত বহু খবৰ প্ৰকাশ পাই আহিছে। কিন্তু এই ছবিখনৰ কাম প্ৰিয়দৰ্শনে লাভ কৰাৰ পাছত গম পোৱা গৈছিল যে পৰেশ ৰাৱাল, অক্ষয় কুমাৰ আৰু সুনীল চেট্টী তিনিওকে আকৌ এবাৰ একেলগে দেখা যাব। যাৰ বাবে হেৰা ফেৰীৰ অনুৰাগীসকল আনন্দিত হৈছিল। ইয়াৰ মাজতে বিগত কেইটামান দিনৰ পৰা খবৰ ওলাইছে যে এই ছবিখনত পৰেশ ৰাৱালক দেখা পোৱা নাযাব। ইয়াৰ কাৰণ ক্ৰিয়েটিভৰ ক্ষেত্ৰত থকা পাৰ্থক্য বুলি কোৱা হৈছিল।
কিন্তু এতিয়া এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে অভিনেতা পৰেশ ৰাৱালে। অভিনেতাগৰাকীৰ এই কথাই হেৰা ফেৰী ফ্ৰেঞ্চাইজিৰ অনুৰাগীসকলক দুখী কৰি তুলিব। কিয়নো এই ছবিখনত দেখা পোৱা নাযাব পৰেশ ৰাৱালক। তেওঁ নিজেই এই ছবিখনত কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত তেওঁ ক্ৰিয়েটিভৰ পাৰ্থক্য থকা কথা নাকচ কৰিছে। এই সিদ্ধান্তৰ তেওঁ অন্য এক কাৰণহে জনাইছে।
পৰেশ ৰাৱালে কি ক’লে
হেৰা ফেৰী সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই এটা টুইট কৰে পৰেশ ৰাৱালে। সামাজিক মাধ্যম এক্সত এটা পোষ্ট কৰি তেওঁ লিখে যে- “মই এই কথা স্পষ্টকৈ ক’ব বিচাৰো যে মই হেৰা ফেৰী-৩ ৰ পৰা ক্ৰিয়েটিভ পাৰ্থক্য থকা বাবে আঁতৰি অহা নাই। মই আকৌ এবাৰ কব বিচাৰিছো যে ছবি নিৰ্মাতাৰ লগত সৃষ্টিশীল মতানৈক্য নাই। ছবিখনৰ পৰিচালক প্ৰিয়দৰ্শনৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু মৰম আছে”। এই টুইটটোত পৰেশ ৰাৱালে ছবিখন এৰাৰ প্ৰকৃত কাৰণ কোৱা নাই। কিন্তু কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত ৰাৱালে কৈছিল যে তেওঁ চৰিত্ৰটো ভাল পোৱা নাই । গতিকে চৰিত্ৰটোৰ ভাবমূৰ্তিৰ পৰা তেওঁ মুক্ত হ’ব বিচাৰিছিল।
I wish to put it on record that my decision to step away from Hera Pheri 3 was not due to creative differences. I REITERATE THAT THERE ARE NO CREATIVE DISAGREEMENT WITH THE FILM MAKER . I hold immense love, respect, and faith in Mr. Priyadarshan the film director.
— Paresh Rawal (@SirPareshRawal) May 18, 2025
১৮ মে’ত সামাজিক মাধ্যমত এই পোষ্ট কৰাৰ পাছতে বিভিন্নজনে ৰাৱালক ইয়াৰ কাৰণ লৈ প্ৰশ্ন কৰি আছে। ইয়াৰোপৰি কিছুমান অনুৰাগীয়ে তেওঁক ছবিখনত অভিনয় কৰাৰ বাবে অনুৰোধ জনাইছে।
সুনীল চেট্টীয়ে কি কয়
কিছুদিন পূৰ্বে পৰেশ ৰাৱল সন্দৰ্ভত সুনীল চেট্টীত প্ৰশ্ন কৰা হৈছিল। উত্তৰত তেওঁ কৈছিল যে, বাবু ভায়া আৰু অক্ষয় কুমাৰৰ ৰাজু চৰিত্ৰ অবিহনে হেৰা ফেৰী নিৰ্মাণ হ’বই নোৱাৰে। যদি পৰেশ ৰাৱালে ছবিখনত অভিনয় নকৰে তেন্তে শ্যামৰ চৰিত্ৰটোৰ অস্তিত্ব নাইকীয়া হৈ যাব। যেতিয়ালৈকে তিনিওটা চৰিত্ৰ একলগ নালাগে তেতিয়ালৈকে এই ছবি কৰা সম্ভৱ নহয়।
অন্য খবৰ পঢ়কঃ হেৰা ফেৰী-৩ৰ পৰা কোন বাহিৰ হ’ল? ছবিখন সন্দৰ্ভত এটা ভাল আৰু এটা বেয়া খবৰ…