Dharmendra Birthday: ‘মোৰ সপোনৰ ৰাজকুমাৰ…’! ধৰ্মেন্দ্ৰৰ জন্মদিনত ৰোমাণ্টিক হৈ পৰিল হেমা মালিনী, জনালে বিশেষ শুভেচ্ছা…
Dharmendra Birthday: আজি ৮৯ বছৰত ভৰি দিলে প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰই। দেওবাৰে তেওঁৰ জন্মদিন উপলক্ষে পত্নী আৰু সাংসদ হেমা মালিনীয়ে তেওঁক এক বিশেষ ধৰণে শুভেচ্ছা জনায়। লগতে, ববি দেওল, ঈশা দেওল আৰু ছানী দেওলেও পিতৃক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

আজি প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ জন্মদিন
প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই আজি ৮৯তম জন্মদিন উদযাপন কৰিছে। অভিনেতাজন ৯০ বছৰ বয়সৰ পৰা মাত্ৰ এখোজ দূৰত্বত আছে। এই বিশেষ অনুষ্ঠানত অনুৰাগীসকলৰ লগতে তেওঁৰ ‘ড্ৰীম গাৰ্ল’ অৰ্থাৎ হেমা মালিনীয়েও তেওঁক বিশেষ ধৰণে জন্মদিনৰ শুভেচ্ছা জনাইছে। হেমা মালিনীয়ে ইনষ্টাগ্ৰামত এটা মৰমলগা পোষ্ট লিখিছে লগতে কিছুমান ফটোও শ্বেয়াৰ কৰিছিল।
পোষ্টটোত হেমা মালিনীয়ে লিখিছে, “উদযাপনৰ দিন! মোৰ সপোনৰ ৰাজকুমাৰলৈ জন্মদিনৰ শুভেচ্ছা। বহু বছৰ আগতে আমি প্ৰথম লগ পোৱাৰ পিছৰে পৰা, মই আপোনাৰ হৃদয়খন সজতনে ৰাখিছোঁ আৰু আপুনি মোৰ । আমি সদায় একেলগে ভাল আৰু বেয়া সময় দেখিছোঁ। ইজনে সিজনৰ প্ৰেমত মগ্ন হৈ থাকিলো। মই আহিবলগীয়া বহু বছৰৰ বাবে আপোনাৰ আকৰ্ষণৰ দ্বাৰা প্ৰভাৱিত হৈ থাকিব বিচাৰো। ঈশ্বৰে সদায়ে আপোনাক স্বাস্থ্যবান আৰু সুখী কৰি ৰাখক।”
৬ মহলীয়া কেক কাটিলে ধৰ্মেন্দ্ৰই
ধৰ্মেন্দ্ৰই তেওঁৰ ঘৰত অনুৰাগীসকলৰ সৈতে এটা ৬ মহলীয়া কেক কাটি জন্মদিন উদযাপন কৰে । ববি দেওল আৰু ছানিও এই ক্ষণত পিতৃৰ সৈতে উপস্থিত আছিল। যদিও ধৰ্মেন্দ্ৰই খোজ কাঢ়িবলৈ কিছু অসুবিধা পাইছিল, ববি আৰু ছানি তেওঁৰ সৈতে ছাঁৰ দৰে আছিল।
হেমা মালিনীৰ উপৰিও ছানী দেওল, ববি দেওল আৰু ঈশা দেউলেও ধৰ্মেন্দ্ৰক তেওঁৰ জন্মদিনত শুভেচ্ছা জনাইছে। ছানী দেওলে ইনষ্টাগ্ৰামত বহুতো ফটো সংলগ্ন কৰি বনোৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “শুভ জন্মদিন পাপা। মই তোমাক আটাইতকৈ বেছি ভাল পাওঁ।”
ববি আৰু ঈশায়ো জনাই শুভেচ্ছা
ববি দেওলে পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে থকা বহুতো ফটো শ্বেয়াৰ কৰিতেওঁক জন্মদিনৰ শুভেচ্ছা জনায়। য’ত তেওঁ লিখিছে, “পাপা তোমাক আটাইতকৈ বেছি ভাল পাও, শুভ জন্মদিন। একে সময়তে, ঈশা দেওলে এখন ফটো শ্বেয়াৰ কৰি লিখিছে, “শুভ জন্মদিন পাপা। আমি তোমাক বহুত ভাল পাও।”
ধৰ্মেন্দ্ৰক ভাৰতীয় ছবিৰ অন্যতম শ্ৰেষ্ঠ এক্সন হিৰো হিচাপে গণ্য কৰা হয়। তেওঁক বলীউডৰ ‘He-Man’ বুলিও জনা যায়। তেওঁ শ্বোলে, প্ৰতিজ্ঞা, দ্য বাৰ্ণিং ট্ৰেইন আদি ছবিত উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াই দৰ্শকৰ মন জয় কৰিছিল। অভিনেতাজনক শেষবাৰৰ বাবে শ্বাহিদ কাপুৰ আৰু কৃতি চানন অভিনীত ‘Teri Baaton Mein aisa Uljha Jiya’ দেখা গৈছিল।