শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিনক তই সম্বোধন কৰি বিতৰ্কত যতীন বৰাৰ কন্যা! আস্থাক ক্ষমা কৰি দিবলৈ আহ্বান গৰিমাৰ

এই ছবিখন চাবলৈ অভিনেতা যতীন বৰাৰ কন্যাও আহিছিল। কিন্তু তাতেই আৰম্ভ হ'ল বিতৰ্কৰ। সংবাদ মাধ্যমে অভিনেতাজনৰ কন্যা আস্থাক ছবিখনক লৈ মন্তব্য দিবলৈ ক'লে। সেইবাবে মনৰ কথা খুলি কলে য'ত তেওঁ জুবিনক তই বুলি সম্বোধন কৰে। যিটো ভাল নাপালে জুবিন অনুৰাগীয়ে।

জুবিনক তই সম্বোধন কৰি বিতৰ্কত যতীন বৰাৰ কন্যা! আস্থাক ক্ষমা কৰি দিবলৈ আহ্বান গৰিমাৰ
barasha-misra
Barasha Misra | Published: 01 Nov 2025 13:02 PM

উৎকণ্ঠাৰ অৱসান ঘটাই কালি ছবিগৃহত মুক্তি পালে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’। এইখন আছিল জুবিনৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে’। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে আহিছে অন্তিমবাৰৰ বাবে জুবনিৰ অভিনয় ৰূপালী পৰ্দাত চাবলৈ।

এই ছবিখন চাবলৈ অভিনেতা যতীন বৰাৰ কন্যাও আহিছিল। কিন্তু তাতেই আৰম্ভ হ’ল বিতৰ্কৰ। সংবাদ মাধ্যমে অভিনেতাজনৰ কন্যা আস্থাক ছবিখনক লৈ মন্তব্য দিবলৈ ক’লে। সেইবাবে মনৰ কথা খুলি কলে য’ত তেওঁ জুবিনক তই বুলি সম্বোধন কৰে। যিটো ভাল নাপালে জুবিন অনুৰাগীয়ে। আস্থাই কৈছিল, ‘এই সময়খিনিত সি আমাৰ মাজত থাকিবই। আজি বৰকৈ মনত পৰিছে জুবিনলৈ। জুবিনক মই কথা দিছো আজি মই, বিৰিণা আমি নৱপ্ৰজন্মই মিলি তাৰ আশাবোৰ পূৰণ কৰি যাম।’ কিন্তু আস্থাই জুবিনক তই বুলি সম্বোধন কৰাটো অনুৰাগীয়ে একেবাৰে ভাল নাপালে। আস্থাৰ লগতে পিতৃ-মাতৃৰ শিক্ষাৰ ওপৰতো বহুতে প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন হৈছে অভিনেতা যতীন বৰাৰ কন্যা। সমালোচনাৰে ভৰি পৰিছে সকলোতে। একাংশই আস্থাৰ লগতে পিতৃ অভিনেতা যতীন বৰাক উদ্দেশ্যিও কটু মন্তব্য কৰে। এই ঘটনাৰ পাছতে ৰাইজক উদ্দেশি বিশেষ পোষ্ট কৰে জুবিন পত্নী গৰিমা গাৰ্গৰ লগে ভগ্নী পালমী বৰঠাকুৰে।

গৰিমা গাৰ্গে পোষ্টত লিখিছে, “আপোনালোকে এই সময়ত কোৱাৰ বাবে বেয়া নাপাব বা দোষ নধৰিব । আস্থা আৰু গীত ( যতীন বৰাৰ ল’ৰা- জীয়ৰী), বিৰিণা( ৰাজেশ ভূঞাঁৰ জীয়ৰী), দিমী (দ্বীপকেশৰ ছোৱালী), চূণচূণ( ৰাজাৰ লʼৰা), ৰাহুল আৰু ৰোহন (গৌতম শৰ্মা দাৰ ল’ৰা) ইত্যাদি বহুকেইটা লʼৰা- ছোৱালী জন্ম হওঁতেই “ডাঙৰ হৈ ইহঁত মোৰ বন্ধু হ’ব” বুলি কৈছিল জুবিনে .. মাত ফুটোতেই শিকাইছিল “জুবিন” আৰু মোক “গৰিমা” বুলি মাতিবলৈ । গতিকে এই অকণমানি কেইটাই আমাক তেনেকৈয়ে মাতে… খুব মৰম কৰে, আমাৰ যত্ন লয় । জুবিন আৰু মই কোনটোক বেছি মৰম কৰোঁ সেইবোৰ লৈ গৰ্ব -অভিমান চলি থাকে । অকনমানিৰেপৰা আমাৰ সৈতে শোৱে, ভাত খায়, সময় কটায় , সিহঁতৰ সপোনৰ কথা কয় । এই ল’ৰা- ছোৱালী কেইটিয়ে এতিয়াও মোক সিহঁতৰ মনৰ দুখ ঢাকি আৱৰি ৰাখিছে.. ৰাজহুৱা ক্ষেত্ৰত আস্থাই কিবা এটা ভুল কৰিছে যদিও সেয়া ইচ্ছাকৃত নহয়। আপোনালোকে শুদ্ধৰাই দিব, প্ৰথম বুলি ক্ষমা কৰিব । সৰু ছোৱালী, তাই শিকিব । এতিয়া আমাক এটাই উত্তৰ লাগে,, ১৯ ছেপ্টেম্বৰত কি ঘটিছিল?”

ইফালে এই বিতৰ্কৰ পিছতে জুবিন গাৰ্গৰ ভগ্নীয়ে সামাজিক মাধ্যমত লিখিছে, ‘যতীন দাৰ (যতীন বৰা)ছোৱালী আস্থা দাদাৰ বৰ মৰমৰ আছিল, দাদাক তাহাঁতৰ generation টোৱে জুবিন দা নহলে জুবিন মাতিছিল, তেনেকৈ তেওঁ নৱ প্ৰজন্ম টোৰ লগত connected feel কৰিছিল। নিষ্কলুষ মৰম চেনেহবোৰ আমি তেনেকৈয়ে থাকিবলৈ দিওচোন 🙏🏻
( তাই অজানিতে কোৱা কিবা কথাই যদি আপোনালোকৰ মনত দুখ দিছে, তাইক অনুজ বুলি বাট দেখুৱাব, কিন্তু please খং নকৰিব 🙏)’

উল্লেখ্য যে, একাংশই জুবিনৰ সপোনৰ চিনেমাক লৈ যতীন বৰাৰ কন্যা আস্থাই কৰা মন্তব্যক বহুত বেয়াকৈ সমালোচনা কৰিছে। যেতিয়া আস্থাই সংবাদ মাধ্যমৰ সন্মুকত মন্তব্য কৰিছিল তেতিয়া বুকুত হাতখন থৈ কৈছিল যে মই কিন্তু জুবিন গাৰ্গক জুবিন বুলিয়েই মাতো। কিন্তু একাংশই সেই ভিডিঅ’টো কাটি বিভিন্ন ধৰণেৰে ট্ৰোল কৰি আছে।