TV9 ASSAM
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খনীয়া মেচৰ টি-২০ শৃংখলাৰ দ্বিতীয় মেচত কালি ভাৰত পৰাস্ত হয়। মেচখনত ভাৰতৰ বেটিং প্ৰদৰ্শন আছিল হতাশজনক।
ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হোৱা টি-২০ত এইপৰ্যন্ত ভাৰতৰ মাত্ৰ ১ জন খেলুৱৈয়েহে শতক অৰ্জন কৰিছে। অৱশ্যে বিগত এবছৰ ধৰি তেওঁ স্থান পোৱা নাই দলত।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ত শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় বেটছমেন হৈছে ৰুতুৰাজ গায়কোৱাড। ২০২৩ চনত গাইকোৱাডে এই ইনিংছ খেলিছিল।
এই মেচখন হৈছিল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। গায়কোৱাডে মেচখনত ১৩টা চাৰি আৰু ৭টা ছয়েৰে ৫৭টা বলত অপৰাজিত ১২৩ ৰান সংগ্ৰহ কৰিছিল।
সম্প্ৰতি দলৰ পৰা বাহিৰত থকা গায়কোৱাডে ভাৰতৰ হৈ এইপৰ্যন্ত ৬ খন এদিনীয়াত ১১৫ ৰান আৰু ২৩ খন টি-২০ত ৬৩৩ ৰান সংগ্ৰহ কৰিছে।
আনহাতে ভাৰতৰ বিৰুদ্ধে টি-২০ত অষ্ট্ৰেলিয়াৰ তিনিজন বেটছমেনে শতক অৰ্জন কৰিছে। এই খেলুৱৈসকল হৈছে শ্বেন ৱাটছন, গ্লেন মেক্সৱেল আৰু জ’ছ ইংলিছ।
পঢ়িবলৈ ক্লিক কৰক
ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমিত অভিলেখৰ জোৱাৰ