মিছ ৱৰ্ল্ড প্ৰতিযোগিতাই কাল হ’ল অমিতাভৰ! আৰ্থিক সংকটত পৰিছে নেকি বিগ বি?

ঋণত ডুব যোৱা অমিতাভে ২০০০ চনত ‘Kaun Banega Crorepati’ কৰাৰ সুবিধা পাইছিল। এই ৰিয়েলিটি শ্ব’ৰ সফলতাই অমিতাভৰ আৰ্থিক বোজা বহু পৰিমাণে হ্ৰাস কৰে।

মিছ ৱৰ্ল্ড প্ৰতিযোগিতাই কাল হল অমিতাভৰ! আৰ্থিক সংকটত পৰিছে নেকি বিগ বি?

মিছ ৱৰ্ল্ড প্ৰতিযোগিতাই কাল হ'ল অমিতাভৰ!

Updated On: 

01 Aug 2025 | 01:11 PM

১৯৯৬ চনত অমিতাভ বচ্চনে অভিনয়ৰ পৰা ব্যৱসায়ৰ জগতখনত ভৰি দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁ ‘অমিতাভ বচ্চন কৰ্প’ৰেশ্যন লিমিটেড’ বা ‘এবিচিএল’ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে। এই কোম্পানীটো আৰম্ভ কৰিবলৈ তেওঁ কানাড়া বেংকৰ পৰা প্ৰায় ২২ কোটি টকাৰ ঋণ লয়। এই বৃহৎ ঋণৰ বাবে তেওঁ নিজৰ বাংলা প্ৰতীক্ষাক গ্যাৰান্টি হিচাপে ৰাখিছিল। সেই সময়ত বাংলোটোৰ বজাৰ মূল্য আছিল ১০ কোটিতকৈও অধিক। আৰম্ভণিৰ সময়ত এবিচিএলৰ মূল্য ৬০ কোটি টকা আছিল। কিন্তু, বিগ বিয়ে তেওঁৰ কোম্পানীটোক চাৰি বছৰৰ ভিতৰত অৰ্থাৎ ২০০০ চনৰ ভিতৰত ১০০০ কোটি টকাৰ কোম্পানীলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰে। এই লক্ষ্য আগত ৰাখে যদিও, ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। ইয়াৰ পিছত তেওঁ আন কেইবাটাও প্ৰকল্পৰ সৈতে জড়িত হৈ পৰে, যিবোৰৰ ক্ষেত্ৰতো লোকচানৰ সন্মুখীন হয়। তাৰ ভিতৰত অন্যতম আছিল মিছ ৱৰ্ল্ড প্ৰতিযোগিতা।

অমিতাভৰ কোম্পানীয়ে ভাৰতৰ প্ৰথমখন ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। এই সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন হৈছিল বেংগালুৰুত। তেওঁৰ কোম্পানীয়ে ইয়াৰ বাবে ইমানেই ধনৰ অুব্যয় কৰে যে, এই অনুষ্ঠানৰ বাবে নিযুক্তি দিয়া কৰ্মচাৰীসকলক দৰমহাও দিব পৰা নাছিল। এয়াই আছিল এবিচিএলৰ আৰ্থিক সংকটৰ আৰম্ভণি।

ঋণত ডুব যোৱা অমিতাভে ২০০০ চনত ‘Kaun Banega Crorepatiকৰাৰ সুবিধা পাইছিল। এই ৰিয়েলিটি শ্ব’ৰ সফলতাই অমিতাভৰ আৰ্থিক বোজা বহু পৰিমাণে হ্ৰাস কৰে। কিন্তু, শেষত তেওঁৰ অভিনয়েহে ৰক্ষা কৰিছিল। যশ চোপ্ৰাৰ ছবি ‘মহব্বতে’ৰ সফলতাই অমিতাভ বচ্চনক আৰ্থিক আৰু পেছাদাৰী জীৱন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...