দিশা পাটানিৰ ঘৰত গুলীচালনা! চলমানৰ পিছত এইবাৰ অভিনেত্ৰীগৰাকী লক্ষ্য নেকি?

দিশা পাটানিৰ ঘৰলৈ বন্দুকধাৰীৰ লক্ষ্য! শুকুৰবাৰে পুৱা প্ৰায় ৩ বজাত মুম্বাইৰ বাৰেলী অঞ্চলত দিশা পাটানিৰ ঘৰত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে।

দিশা পাটানিৰ ঘৰত গুলীচালনা! চলমানৰ পিছত এইবাৰ অভিনেত্ৰীগৰাকী লক্ষ্য নেকি?

দিশা পাটানিৰ ঘৰত গুলীচালনা!

Updated On: 

13 Sep 2025 | 03:33 PM

যোৱা বছৰ ১৫ এপ্ৰিলত চলমান খানৰ ঘৰত অচিনাক্ত দুৰ্বৃত্তই আকস্মিক আক্ৰমণ। এতিয়া দিশা পাটানিৰ ঘৰত বন্দুকধাৰীৰ লক্ষ্য!শুকুৰবাৰে পুৱা প্ৰায় ৩ বজাত মুম্বাইৰ বাৰেলী অঞ্চলত দিশা পাটানিৰ ঘৰত বন্দুকধাৰীয়ে আক্ৰমণ কৰি গুলীচালনা কৰে। জানিব পৰা মতে, দুজন অচিনাক্ত ব্যক্তিয়ে প্ৰায় ১০ৰ পৰা ১২টা জাই গুলী কৰে। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়ে। এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ গোল্ডি ব্ৰাৰ আৰু লৰেন্স বিষ্ণই।

দিশাৰ ঘৰখন হঠাৎ কিয় টাৰ্গেট?

গোল্ডিয়ে দাবী কৰে যে দিশৰ পৰিয়ালে খুছবু পাটানিৰ আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজ আৰু অনিৰুদ্ধ আচাৰ্যক অপমান কৰিছিল। আৰু তেওঁলোকক অপমান কৰা মানে হিন্দু ধৰ্ম আৰু সনাতন ধৰ্মক অপমান কৰা। এই গুলীৰ ঢৌৰ জৰিয়তে দিশা আৰু দিশাৰ পৰিয়ালক সকীয়াই দিয়া হ’ল।

কিছুদিন পূৰ্বে খুছবুৱে ধৰ্মগুৰুসকলক নাৰীবিদ্বেষী বুলি অভিহিত কৰিছিল। তাৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক। পৰিয়ালৰ সুৰক্ষাৰ বাবে অভিনেত্ৰীগৰাকীৰ ঘৰৰ বাহিৰত মোতায়েন কৰা হৈছে আৰক্ষীৰ এটা দল। অৱশ্যে এই ঘটনা সন্দৰ্ভত দিশা বা তেওঁৰ পৰিয়ালৰ পৰা এতিয়ালৈকে কোনো মন্তব্য পোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...