কৰ্কট ৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰ, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট…

কৰ্কট ৰোগত আক্ৰান্ত টিভিৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰ। ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰি পেটৰ বিষৰ পৰা আৰম্ভ হোৱা বিষয়টো কেন্সাৰত উপনীত হোৱাৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে । এই কঠিন সময়ত অনুৰাগীসকলক প্ৰাৰ্থনাৰ আহ্বান জনাইছে দীপিকাই।

কৰ্কট ৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰ, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট...

কৰ্কট ৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰ

Published: 

28 May 2025 10:44 AM

টিভি ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে এক অতি দুখজনক খবৰ। দীপিকাই নিজেই ছ’চিয়েল মিডিয়াত জনাইছে যে তেওঁৰ লিভাৰত থকা টিউমাৰটো আচলতে কেন্সাৰ আৰু এই কেন্সাৰ দ্বিতীয় পৰ্যায়ত উপনীত হৈছে। মাজনিশা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে নিজৰ ৰোগ সম্পৰ্কীয় তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰাৰ লগতে সকলো অনুৰাগীক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনায়।

দীপিকা কক্কৰে নিজৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “আপোনালোক সকলোৱে জানে যে যোৱা কেইসপ্তাহমান মোৰ আৰু মোৰ পৰিয়ালৰ বাবে অতি কঠিন হৈ পৰিছে। কেইবাদিনো পেটৰ ওপৰৰ অংশত বিষ হৈ আছিল। আমি যেতিয়া হাস্পতাললৈ গ’লোঁ, তেতিয়া গ’ম পালোঁ যে মোৰ লিভাৰত টেনিছ বলৰ সমান ডাঙৰ টিউমাৰ এটা আছে। এতিয়া পৰীক্ষাৰ পিছত স্পষ্ট হৈ পৰিছে যে এই টিউমাৰটো দ্বিতীয় পৰ্যায়ৰ কেন্সাৰ।”

এই ৰোগৰ সন্মুখীন হ’ব দীপিকা

এই কঠিন সময়তো নিজৰ সাহস হেৰুওৱা নাই দীপিকাই। অভিনেত্ৰীগৰাকীয়ে আৰু লিখিছে যে, “আমি অতি কঠিন সময় পাৰ কৰিছো। কিন্তু তথাপিও মই ইতিবাচক আৰু মই সম্পূৰ্ণ সাহসেৰে ইয়াৰ সন্মুখীন হ’বলৈ সাজু। ইনশ্বাআল্লাহ মই সোনকালে সুস্থ হৈ উঠিম আৰু ইয়াৰ পৰা ওলাই আহিম। মোৰ গোটেই পৰিয়ালটো এই সময়ত মোৰ লগত থিয় হৈ আছে আৰু আপোনাৰ সকলো মৰম আৰু বহুত প্ৰাৰ্থনাও আমাৰ লগত আছে। অনুগ্ৰহ কৰি মোৰ বাবে প্ৰাৰ্থনা কৰক।”  দীপিকাৰ এই পোষ্টটোত কমেণ্ট দিছে চেলিব্ৰিটি আৰু অনুৰাগীসকলে। সকলোৱে তেওঁক সাহসী আৰু সোনকালে সুস্থ হ’বৰ বাবে প্ৰাৰ্থনা কৰিছে।

কিছুদিন পূৰ্বে দীপিকাৰ স্বামী শ্বোৱেইব ইব্ৰাহিমে তেওঁৰ vlog ত জনাইছিল যে দীপিকাৰ পেটত বিষ হৈছিল, তাৰ পিছত পৰীক্ষাৰ সময়ত লিভাৰত টিউমাৰ ধৰা পৰিছিল। আগতে তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলৈ ওলাইছিল যদিও জ্বৰ আৰু ফ্লুৰ বাবে পিছুৱাই দিয়া হৈছিল। কিন্তু এতিয়া টিউমাৰটো কেন্সাৰত পৰিণত হোৱাৰ খবৰে কেৱল দীপিকাৰ পৰিয়ালকে নহয়, লাখ লাখ অনুৰাগীকো স্তম্ভিত কৰি তুলিছে।

বুমৰাহেও ল’ব নেকি অৱসৰ! ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে এনে মন্তব্যক লৈ চলিছে চৰ্চা…
পঞ্জাৱৰ বিপক্ষে জয়ৰ পিছতে আৰচিবিৰ নায়কৰ হুংকাৰ, স্পষ্টকৈ ক’লে ‘৩ জুনত…..’
ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে, জানক ৰঙালাওৰ উপকাৰিতা...
প্ৰতিদিনে কিমান মিলিলিটাৰ ফলৰ ৰস খালে ডায়েবেটিছ হোৱাৰ আশংকা থাকে ?