এই টকাৰ কি হ’ব ? ইমান ধন-সম্পত্তি থকাৰ পাছতো এই কাম কিয় কৰে ? ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰুখ খান
এটা ভিডিঅ’যোগে ৰাথীয়ে শ্বাহৰুখৰ আয়ৰ এক বৃহৎ অংশক লৈ প্ৰশ্ন উত্থাপন কৰে। বিশ্বৰ মনোৰঞ্জন জগতৰ দামী তাৰকাৰ তালিকাৰ শীৰ্ষত এতিয়া শ্বাহৰুখ খান।

শ্বাহৰুখ খানক সমালোচনা ধ্ৰুৱ ৰাথীৰ
ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ লক্ষ্য এতিয়া বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। বুধবাৰে এটা ভিডিঅ’যোগে শ্বাহৰুখৰ আয়ৰ এক বৃহৎ অংশক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাথীয়ে। বিশ্বৰ মনোৰঞ্জন জগতৰ দামী তাৰকাৰ তালিকাৰ শীৰ্ষত এতিয়া শ্বাহৰুখ খান। যাৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১২,৪০০ কোটি টকা। ভিডিঅ’টোত তেওঁ কয়, “শ্বাহৰুখ খান এতিয়া কোটিপতি হৈ পৰিছে। তেওঁৰ হাতত ইমান টকা আছে বুলি কল্পনা কৰাটোও কঠিন।”
ইমান বৃহৎ পৰিমাণৰ ধন-সম্পত্তিৰ পৰা শ্বাহৰুখে কিমান সুত উপাৰ্জন কৰিব পাৰে আৰু তেওঁৰ বিলাসী জীৱনশৈলী কেনেকুৱা হ’ব পাৰে সেই কথাও বুজাবলৈ চেষ্টা কৰিছে ৰাথীয়ে। যেনে প্ৰাইভেট জেট, বিদেশ ভ্ৰমণ আৰু ব্যয়বহুল সম্পত্তি। কিন্তু ইমান ধন-সম্পত্তিৰ পাছতো শ্বাহৰুখে কিয় পান মছলাৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ বিজ্ঞাপন দিছে? – এই প্ৰশ্ন উত্থাপন কৰিছে ধ্ৰুৱ ৰাথীয়ে।
ৰাথীয়ে ক’লে, “শ্বাহৰুখ খানলৈ মোৰ প্ৰশ্ন – এই বৃহৎ পৰিমাণৰ ধন যথেষ্ট নহয় নেকি? যদি হয়, তেন্তে এনে ক্ষতিকাৰক সামগ্ৰীৰ প্ৰচাৰৰ প্ৰয়োজন কি?” ৰাথীয়ে দাবী কৰে যে, এই ব্ৰেণ্ডসমূহৰ বিজ্ঞাপন দিয়াৰ বাবে অভিনেতাজনে প্ৰায় ১০০-২০০ কোটি টকা পাৰিশ্ৰমিক লাভ কৰে। ৰাথীয়ে লগতে কয় যে, দেশৰ আটাইতকৈ প্ৰভাৱশালী তাৰকাগৰাকীয়ে যদি এনে ক্ষতিকাৰক সামগ্ৰীৰ প্ৰচাৰ বন্ধ কৰে, তেন্তে ইয়াৰ ইতিবাচক প্ৰভাৱ দেশৰ জনসাধাৰণৰ ওপৰত পৰিব। তেওঁ শ্বাহৰুখক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।
এই ভিডিঅ’টো প্ৰকাশ কৰাৰ পিছতে ছচিয়েল মিডিয়াত বহু লোকে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে শ্বাহৰুখক। বহুতে ৰাথীৰ এই বক্তব্যক প্ৰশংসা কৰি চেলিব্ৰিটিৰ নৈতিক দায়বদ্ধতাৰ বিষয়টো উত্থাপন কৰিছে। আনহাতে, শ্বাহৰুখৰ অনুৰাগীসকলে কয়, বিজ্ঞাপন তেওঁৰ পেছাৰ এটা অংশ মাথোঁ। লগতে অনুৰাগীসকলে প্ৰশ্ন উত্থাপন কৰে, শ্বাহৰুখ বহু সামাজিক পদক্ষেপৰ সৈতেও জড়িত, তেওঁ সেইবোৰৰ খবৰ ৰাখেনে?