ছ’চিয়েল মিডিয়াত ফাদিল ধৰ্মেন্দ্ৰৰ ভিডিঅ’, আটক চিকিৎসালয়ৰ কৰ্মী!

সেই সময়ত চিকিৎসালয়খনৰ ভিতৰৰ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল. য’ত দেখা গৈছিল যে ধৰ্মেন্দ্ৰ আইচিইউৰ বিচনাত পৰি আছে, দুয়োফালে তেওঁৰ দুজন পুত্ৰ ছানি দেউল আৰু ববি দেউল আৰু পৰিয়ালৰ অন্যান্য সদস্যও আছিল। ছানীৰ দুই পুত্ৰ কৰণ দেউল আৰু ৰাজবীৰো উপস্থিত আছিল।

ছ’চিয়েল মিডিয়াত ফাদিল ধৰ্মেন্দ্ৰৰ ভিডিঅ’, আটক চিকিৎসালয়ৰ কৰ্মী!

ছ’চিয়েল মিডিয়াত ফাদিল ধৰ্মেন্দ্ৰৰ ভিডিঅ’

Published: 

14 Nov 2025 | 01:49 PM

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ পৰিয়ালৰ বাবে যোৱা সপ্তাহটো যথেষ্ঠ কঠিন আছিল। বিগত কিছুদিন ধৰি ধৰ্মেন্দ্ৰক লৈ সমগ্ৰ দেশ চিন্তিত হৈ আছে। ১১ নৱেম্বৰ সোমবাৰে তেওঁৰ অসুস্থতাৰ খবৰে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল। মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালত অভিনেতাজনক ভৰ্তি কৰোৱা হয়। মাজনিশা সকলোৱে অভিনেতাজনক চাবলৈ লৰালৰিকৈ চিকিৎসালয়লৈ যায়। ১২ নৱেম্বৰৰ পুৱা হঠাতে তেওঁৰ ভুৱা মৃত্যুৰ খবৰ বিয়পি পৰিল সামাজিক মাধ্যমত। চৌদিশে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। কিন্তু অলপ সময়ৰ ভিতৰতে অভিনেতাজনৰ পৰিয়ালে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁ চিকিৎসালয়ত বেমাৰৰ সৈতে যুঁজি আছে আৰু তেওঁৰ মৃত্যুৰ খবৰটো মিছা। ইয়াৰ পিছত পৰিয়ালে তেওঁক ঘৰলৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি জনায়। বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহে।

কিন্তু চিকিৎসালয়খনৰ ভিতৰৰ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, য’ত দেখা গৈছিল ধৰ্মেন্দ্ৰ আই চি ইউৰ বিচনাত পৰি আছে, তেওঁৰ দুই পুত্ৰ ছানী দেউল আৰু ববি দেউলৰ সৈতে কাষত পৰিয়ালৰ অন্যান্য সদস্যও আছে। ইয়াতেই শেষ নহয়, ভিডিঅ’টোত তেওঁৰ প্ৰথম পত্নী প্ৰকাশ কৌৰেও কান্দি থকা দেখা গৈছিল, আৰু পৰিয়ালৰ আন সদস্যসকলো ভাঙি পৰিছিল।

হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি এই ভিডিঅ’টো ছচিয়েল মিডিয়াত দিবলৈ চিকিৎসালয়ৰ এজন কৰ্মচাৰীয়ে ৰেকৰ্ডিং কৰিছিল। এইচ টি চিটিৰ সূত্ৰ অনুসৰি ইতিমধ্যে কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টো কেনেকৈ শ্বুট কৰা হৈছিল আৰু ইয়াৰ লগত কোন জড়িত আছিল সেই বিষয়ে জানিবলৈ এতিয়াও তদন্ত অব্যাহত আছে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...