ল’ৰা নে ছোৱালী? দীপিকা-ৰণবীৰৰ ঘৰলৈ আহিল নতুন আলহী…

পিতৃ-মাতৃ হোৱাৰ পিছত এই দম্পতীহালে এতিয়া কন্যাৰ সৈতে অধিক সময় কটোৱাৰ কথা চিন্তা কৰিছে।  ‘ছিংহাম এগেইন’ত কেমিঅ’ শ্বুটিং কৰাৰ পিছতই দীপিকাই  কামৰ পৰা বিৰতি লৈছিল।

লৰা নে ছোৱালী?  দীপিকা-ৰণবীৰৰ ঘৰলৈ আহিল নতুন আলহী...

দীপিকা- ৰণবীৰ

Published: 

08 Sep 2024 | 02:49 PM

বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ সিঙৰ মাজলৈ আহিল তেওঁলোকৰ প্ৰথম সন্তান। যোৱা ৯ মাহ ধৰি বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন,ৰণবীৰ সিঙ আৰু তেওঁলোকৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকা দিনটো অৱশেষত আহি পালে। দেওবাৰে মাতৃত্বৰ সুখ লাভ কৰিলে দীপিকা পাডুকনে। মুম্বাইৰ এইচ.এন ৰিলায়েন্স হাস্পাতালত এটি কন্যা সন্তান জন্ম দিলে দীপিকাই। শনিবাৰে সন্ধিয়া ৰণবীৰ সিঙে পত্নী দীপিকাক চিকিৎসালয়লৈ লৈ গৈছিল আৰু তাৰ পাছতে আজি এই ভাল খবৰ আহিছে।

বছৰৰ আৰম্ভণিতে দীপিকা পাডুকনে মাতৃ হ’বলৈ ওলোৱাৰ ভাল খবৰ অনুৰাগীক দিছিল। এই খবৰ ওলোৱাৰ লগে লগে দম্পতীহালক বিভিন্নজনে অভিনন্দ জনাইছিল যদিও বহু বিতৰ্কৰ সৃষ্টিও হৈছিল। বহুতে দীপিকাৰ গৰ্ভৱতী হোৱা কথা ভুৱা বুলি কোৱাৰ লগতে এয়া তেওঁলোকৰ মিথ্যাচাৰ বুলি প্ৰচাৰ কৰিছিল। কিছু দিন পূৰ্বে দীপিকা- ৰণবীৰৰ বিশেষ ফটোশ্বুটো পোহৰলৈ আহিছিল। ইয়াৰ মাজতে আজি এই ভাল খবৰ আহিছে। সূত্ৰ অনুসৰি জানিব পৰা মতে চি-চেক্সনৰ জৰিয়তে দীপিকাই কন্যা সন্তান জন্ম দিছে।

দুদিন পূৰ্বে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত ৰণবীৰ সিঙৰ সৈতে দীপিকাক দেখা গৈছিল। দীপিকাই স্বামীৰ সৈতে বাপ্পাৰ পৰা আশীৰ্বাদ লৈছিল আৰু তাৰ পিছদিনা তেওঁলোকক চিকিৎসালয়ৰ বাহিৰত দেখা গৈছিল। শনিবাৰে সন্ধিয়া মুম্বাইৰ এইচ এন ৰিলায়েন্স হাস্পতালত দীপিকা- ৰণবীৰ উপস্থিত হৈছিল আৰু তাৰ কিছু সময় পাছত তালৈ দীপিকাৰ মাক- ভনীয়েকো আছিল।  তেতিয়াই সন্দেহ কৰা হৈছিল যে শীঘ্ৰই দীপিকা- ৰণবীৰৰ ঘৰলৈ নতুন সৰু আলহী আহিব পাৰে।

 

অৱশ্যে এতিয়ালৈকে অভিনেতা- অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। তেওঁলোকৰ সন্তানৰ নাম কি হ’ব, ফটো আদি এতিয়ালৈকে প্ৰকাশ হোৱা নাই। সম্ভৱতঃ কিছু সময় পাছত ৰণবীৰ- দীপিকাই এই ভাল খবৰ তেওঁলোকৰ অনুৰাগীসকলক দিব। জানিব পৰা মতে, বৰ্তমান নিজৰ নিজৰ কামৰ পৰা বিৰতি লৈছে দীপিকা-ৰণবীৰে।  পিতৃ-মাতৃ হোৱাৰ পিছত এই দম্পতীহালে এতিয়া কন্যাৰ সৈতে অধিক সময় কটোৱাৰ কথা চিন্তা কৰিছে।  ‘ছিংহাম এগেইন’ত কেমিঅ’ শ্বুটিং কৰাৰ পিছতই দীপিকাই  কামৰ পৰা বিৰতি লৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...