অনুষ্কাৰ সৈতে বিবাহৰ পূৰ্বে এইগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছিল বিৰাট কোহলী, আজি তেওঁ দুটি সন্তানৰ মাতৃ

এটা এডৰ শ্বুটিঙৰ সময়ত অনুষ্কা আৰু বিৰাটে প্ৰথমবাৰৰ বাবে লগ পাইছিল। ইয়াৰ পিছত প্ৰথমে বন্ধুত্ব আৰু তাৰ পিছত প্ৰেম। কিন্তু ইজনে সিজনক লগ পোৱাৰ আগতে দুয়োৰে নাম আন মানুহৰ লগতো জড়িত হৈ পৰিছিল। অনুষ্কাৰ নাম শ্বাহিদ কাপুৰ, অৰ্জুন কাপুৰ, ৰণবীৰ সিং আৰু ৰণবীৰ কাপুৰৰ সৈতে জড়িত হৈ থকাৰ বিপৰীতে বিৰাটৰ প্ৰাক্তন প্ৰেমীকাৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে।

অনুষ্কাৰ সৈতে বিবাহৰ পূৰ্বে এইগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছিল বিৰাট কোহলী, আজি তেওঁ দুটি সন্তানৰ মাতৃ

বিবাহৰ পূৰ্বে এইগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছিল বিৰাট কোহলী

Updated On: 

22 Jun 2025 | 03:48 PM

বলীউড আৰু ক্ৰিকেটৰ মাজত পুৰণি সম্পৰ্ক আছে। ডেটিঙৰ পৰা আৰম্ভ কৰি বিয়ালৈকে ক্ৰিকেটাৰ আৰু বলীউডৰ সুন্দৰীৰ প্ৰেমৰ কথা প্ৰতিদিনে চৰ্চা হয়। এই দুয়োটা ক্ষেত্ৰতে  সৰ্বাধিক চৰ্চিত দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা। অনুষ্কা আৰু বিৰাট নিখুঁত দম্পতী হিচাপে পৰিচিত। ২০১৭ চনত দুয়োৰে বিয়া হৈছিল আৰু আজি দুটা সন্তানৰ পিতৃ-মাতৃ।

এটা এডৰ শ্বুটিঙৰ সময়ত অনুষ্কা আৰু বিৰাটে প্ৰথমবাৰৰ বাবে লগ পাইছিল। ইয়াৰ পিছত প্ৰথমে বন্ধুত্ব আৰু তাৰ পিছত প্ৰেম। কিন্তু ইজনে সিজনক লগ পোৱাৰ আগতে দুয়োৰে লগত আন মানুহৰ লগতো সম্পৰ্ক আছিল। অনুষ্কাৰ নাম শ্বাহিদ কাপুৰ, অৰ্জুন কাপুৰ, ৰণবীৰ সিং আৰু ৰণবীৰ কাপুৰৰ সৈতে জড়িত হৈ থকাৰ বিপৰীতে বিৰাটৰ অতীতৰ প্ৰেমৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে।

পিংকভিলাৰ এক প্ৰতিবেদন অনুসৰি অনুষ্কাক লগ পোৱা আৰু বিয়া হোৱাৰ পূৰ্বে বিৰাটে আন এগৰাকী বলীউড অভিনেত্ৰীক ডেটিং কৰিছিল। অৱশ্যে এইগৰাকী অভিনেত্ৰীয়ে অতি কম সংখ্যক বলীউডৰ ছবিত কাম কৰিছে। তেওঁ হ’ল ব্ৰাজিলৰ অভিনেত্ৰী ইজাবেল লেইটে। ইজাবেলে বলীউডৰ তিনিখন ছবিত কাম কৰিছিল। অৱশ্যে তেওঁৰ তিনিওখন ছবিয়ে বিশেষ সমৰ্থন লাভ কৰা নাছিল। অনুষ্কাৰ দৰে ইজাবেল আৰু বিৰাটো এড শ্বুটৰ সময়ত লগ হৈছিল।

দুয়োজনে ছিংগাপুৰত এড শ্বুটৰ বাবে লগ পাইছিল। ইয়াৰ পিছত দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল। বিৰাট আৰু ইজাবেলক বহুবাৰ একেলগে দেখা গৈছিল। অৱশ্যে দুয়োজনে কেতিয়াও ইজনে সিজনৰ লগত সম্পৰ্কৰ খবৰ ৰাজহুৱা কৰা নাছিল। দুয়োজনেই প্ৰায় ২ বছৰ একেলগে আছিল। ইয়াৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিল। ২০১২ চনত ব্ৰেকআপৰ দুবছৰ পিছত অৰ্থাৎ ২০১৪ চনত বলীউড হাংগামাক দিয়া এক সাক্ষাৎকাৰত ইছাবেলে বিৰাটৰ সৈতে সম্পৰ্ক আৰু ব্ৰেকআপৰ কথা স্বীকাৰ কৰে।

এতিয়া ক’ত আছে অভিনেত্ৰীগৰাকী?

বৰ্তমান সময়ত ইছাবেলে স্বামী আৰু দুগৰাকী কন্যাৰ সৈতে কাটাৰৰ ডোহাত থাকে। দুয়ো একেলগে বহুত সুখী। ইছাবেলে প্ৰায়ে অনুৰাগীৰ বাবে ব্ৰেণ্ড বিজ্ঞাপন আৰু মডেলিঙৰ ফটো শ্বেয়াৰ কৰে। ২০২০ চনত ইছাবেলক বিজয় দেৱেৰাকোণ্ডাৰ ছবি ৱৰ্ল্ড ফেমাছ লাভাৰত দেখা গৈছিল। বৰ্তমান তেওঁ কন্যাৰ সৈতে সময় কটাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...