সাংবাদিকক ধমক দিলে অভিনেত্ৰী কাজলে, কিন্তু হঠাৎ কি হ’ল?

সাংবাদিকক অপমান কৰাটো যেন সাধাৰণ কথাৰ দৰে হৈ পৰিছে। এইবাৰ সাংবাদিকক ধমক দিলে বলীউডৰ অভিনেত্ৰী কাজলে। প্ৰকৃততে কি হৈছিল জানক...

সাংবাদিকক ধমক দিলে অভিনেত্ৰী কাজলে, কিন্তু হঠাৎ কি হ’ল?

অভিনেত্ৰী কাজলৰ খং

Published: 

08 Aug 2025 | 11:43 PM

সামাজিক মাধ্যমত হঠাৎ বলীউডৰ অভিনেত্ৰী কাজলৰ এটি ভিডিঅ’ই বিতৰ্কৰ সৃষ্টি হৈছে। সেই বিতৰ্কৰ জুইত ঘি দিয়াৰ দৰে কাম কৰিছে দিল্লী আৰক্ষীয়ে বাংলা ভাষাক বাংলাদেশী ভাষা আখ্যা দিয়াৰ ঘটনাই। কাজল জন্মসূত্ৰে বঙালী পৰিয়ালৰ জীয়ৰী। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে এটা অনুষ্ঠানত হিন্দীৰ সলনি মাৰাঠী ভাষাত কথা কোৱাৰ বাবে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

শেহতীয়াকৈ কাজলে এটা অনুষ্ঠানলৈ গৈছিল। তাতেই কাজলে সাংবাদিকৰ লগত মাৰাঠী ভাষাত কথা পাতিবলৈ ধৰিলে। এগৰাকী সাংবাদিকে কাজলক হিন্দীত ক’বলৈ অনুৰোধ জনায়। তেতিয়াই কাজলৰ খং উঠে আৰু সাংবাদিকজনৰ ওপৰত জাঙোৰ খাই উঠে। অভিনেত্ৰীগৰাকীয়ে সাংবাদিকক স্পষ্টকৈ ক’লে, “মই কি এতিয়া হিন্দীতহে কথা ক’ব লাগিব? প্ৰয়োজন নাই, বুজি পোৱা সকলে বুজিব।”

কাজলৰ এই মন্তব্যৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। অৱশ্যে কাজলৰ এই আচৰণত অতিশয় ক্ষুব্ধ হৈ পৰিছে ছ’চিয়েল মিডিয়াৰ একাংশ লোক। বহুজনে ছ’চিয়েল মিডিয়াত লিখিছে, ‘হিন্দী চিনেমাৰ পৰা জনপ্ৰিয় হৈছে আৰু হিন্দী ক’বলৈ টান পায়।’

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...