অশ্ৰুসিক্ত নয়নেৰে শৈশৱৰ সংগীত গুৰুক শেষ শ্ৰদ্ধা জনালে অৰিজিৎ সিঙে

মুৰ্শিদাবাদৰ এইগৰাকী শিল্পীৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল বহু বিশিষ্ট শিল্পীয়ে। তাৰ ভিতৰত অন্যতম অৰিজিৎ সিং। গুৰুৰ দেহাৱসানৰ খবৰ পোৱাৰ পাচতেই শোকত ভাগি পৰে অৰিজিৎ সিং।

অশ্ৰুসিক্ত নয়নেৰে শৈশৱৰ সংগীত গুৰুক শেষ শ্ৰদ্ধা জনালে অৰিজিৎ সিঙে

অৰিজিৎ সিঙৰ সংগীত গুৰুৰ দেহাৱসান

Published: 

03 Oct 2025 | 04:23 PM

বিশিষ্ট সংগীত শিল্পী বীৰেন্দ্ৰ হাজাৰীৰ দেহাৱসান। বংগৰ এইগৰাকী শিল্পীয়ে সুদীৰ্ঘ সময় ধৰি সংগীতৰ শিক্ষা প্ৰদান কৰি আহিছিল। মুৰ্শিদাবাদৰ এইগৰাকী শিল্পীৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল বহু বিশিষ্ট শিল্পীয়ে। তাৰ ভিতৰত অন্যতম অৰিজিৎ সিং। গুৰুৰ দেহাৱসানৰ খবৰ পোৱাৰ পাচতেই শোকত ভাগি পৰে অৰিজিৎ সিং, মুৰ্শিদাবাদৰ জিয়াগঞ্জৰ হাজাৰীৰ গৃহলৈ আহি শেষ যাত্ৰাতো অংশ লয় শিল্পীগৰাকীয়ে।

জিয়াগঞ্জৰ হাজাৰী পৰিয়ালে দীৰ্ঘসময় ধৰি বহু শিক্ষাৰ্থীক সংগীতৰ শিক্ষা দি আহিছে। এই পৰিয়ালৰ সদস্য ৰাজেন্দ্ৰ প্ৰসাদ হাজাৰী, ধীৰেন্দ্ৰ প্ৰসাদ হাজাৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ হাজাৰীৰ সংগীত জগতলৈ বিশেষ অৱদান আছে।

অৰিজিৎ সিং জিয়াগঞ্জৰ বাসিন্দা। তেওঁ শৈশৱত ধীৰেন্দ্ৰ প্ৰসাদ হাজাৰীৰ পৰা প্ৰথমে সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু ধীৰেন্দ্ৰ হাজাৰীৰ বিয়োগৰ পাছত তেওঁ সংগীতৰ শিক্ষা গ্ৰহণ কৰে বীৰেন্দ্ৰ প্ৰসাদ হাজাৰীৰ পৰা। বৃহস্পতিবাৰে দেহাৱসান ঘটে বীৰেন্দ্ৰ প্ৰসাদ হাজাৰীৰ। গুৰুৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই পিতৃ আৰু ভগ্নী সহিতে হাজাৰীৰ বাসগৃহত উপস্থিত হয় অৰিজিৎ।

বীৰেন্দ্ৰ প্ৰসাদ হাজাৰীৰ বিয়োগত বংগৰ সংগীত জগতৰ লগতে তেওঁৰ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়ে হেৰুৱালে এজন দ্বিগজক। বিজয়া দশমী উদযাপনৰ মাজতে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হয় গুণমুগ্ধসকল। তাৰ মাজত অন্যতম আছিল অৰিজিৎ সিং। কিন্তু সংবাদ মাধ্যমৰ সমুখত কোনো বক্তব্য ৰাখিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে শিল্পীগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...