কৰিশ্মা কাপুৰৰ সৈতে বিবাহ অক্ষয় খান্নাৰ! সবিশেষ হ’ব আচৰিত

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ এতিয়াও কিয় অবিবাহিত সেই সন্দৰ্ভত স্পষ্ট উত্তৰ দিছিল। অক্ষয়ৰ মতে বিয়া হোৱা মানে পৰাধীন হোৱা, কান্ধত এক বৃহৎ দায়িত্ব। আৰু অক্ষয়ে এই দায়িত্ব ল'বলৈ ভাল নাপায়। সেইবাবেই অক্ষয়ে নিজৰ এই জীৱনটোক বৰ ভাল পায়।

কৰিশ্মা কাপুৰৰ সৈতে বিবাহ অক্ষয় খান্নাৰ! সবিশেষ হব আচৰিত
Updated On: 

16 Dec 2025 11:07 AM

চৌদিশে বলীউডৰ ছবি Dhurandhar ৰ চৰ্চা। যদিও ছবিখনৰ মূল নায়ক ৰণবীৰ সিং, কিন্তু দৰ্শকৰ দৃষ্টিত প্ৰকৃত নায়ক এতিয়া অক্ষয় খান্না। সামাজিক মাধ্যত ভাইৰেল হৈ পৰিছে অক্ষয় খান্নাৰ ষ্টাইল আৰু নৃত্য। তাৰ সমান্তৰালকৈ অক্ষয় খান্নাৰ ব্যক্তিগত জীৱনৰ কাহিনী বাৰেও শিৰোনাম দখল কৰিছে। এতিয়া পুনৰ চৰ্চাত অক্ষয় খান্নাৰ বিয়াৰ কথা।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ কিয় এতিয়াও অবিবাহিত সেই সন্দৰ্ভত স্পষ্ট উত্তৰ দিছিল। অক্ষয়ৰ মতে বিয়া হোৱা মানে বশ হোৱা আৰু কান্ধত এক বৃহৎ দায়িত্ব। সেয়ে অক্ষয়ে এই দায়িত্ব ল’বলৈ অনিচ্ছুক। কিন্তু আপুনি জানেনে যে অক্ষয় খান্নাৰো বিয়া ঠিক হৈছিল, সেই বিয়া হোৱাৰ কথা আছিল বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ সৈতে।

সেয়া নব্বৈৰ দশকৰ কথা, তেতিয়া কৰিশ্মা কাপুৰ বলীউডৰ এটা ডাঙৰ নাম আছিল। আনহাতে অক্ষয় খান্নাইও কিছুমান ছবি কৰি আছিল। সেই সময়ত কৰিশ্মা কাপুৰৰ পিতৃ ৰণধীৰ কাপুৰে কৰিশ্মাক অক্ষয় খান্নাৰ লগত বিয়া দিয়াৰ সিদ্ধান্ত লয়। ৰণধীৰ কাপুৰে কৰিশ্মাক খবৰ নিদিয়াকৈ বিনোদ খান্নাৰ লগত বিবাহৰ কথা আলোচনাও কৰিলে। এইফালে বিনোদ খান্নাই মান্তি হ’ল আৰু অক্ষয় খান্নায়ো। অৱশ্যে কৰিশ্মাৰ মাক ববিতাই অনিচ্ছা প্ৰকাশ কৰিছিল। ববিতাই নিবিচাৰিছিল কৰিশ্মা আৰু অক্ষয়ৰ বিয়া হোৱাটো, যাতে এই বিবাহে জীয়েকৰ উত্থানশীল কেৰিয়াৰত বাধাৰ সৃষ্টি নকৰে। ববিতাই ভাবিলে অক্ষয়ৰ সৈতে বিবাহ হ’লে জীয়ৰীৰ কেৰিয়াৰ নষ্ট হ’ব।

অক্ষয়ৰ ঘনিষ্ঠ মহলে বিশ্বাস কৰে যে অক্ষয় আজিলৈকে অবিবাহিত হৈ আছে, কাৰণ তেওঁ কৰিশ্মাৰ লগত বিবাহ নোহোৱা বাবে। কিন্তু এই সন্দৰ্ভত অক্ষয় আজিও নিমাত!

 

এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...