ভগৱানে যি দিছে তাতেই সন্তুষ্ট থাকক… স্তনৰ আকাৰ হ্ৰাস কৰিলে অভিনেত্ৰী ছাৰ্লিনে!

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, “মই অলপ চিন্তিত, একে সময়তে অতি উত্তেজিত। এই অতিৰিক্ত বোজা নোহোৱাকৈ এই নতুন জীৱনলৈ ঘূৰি আহিবলৈ মই আৰু অপেক্ষা কৰিব নোৱাৰো । ভগৱানে মোক আৰু চিকিৎসকসকলক আশীৰ্বাদ কৰক।”

ভগৱানে যি দিছে তাতেই সন্তুষ্ট থাকক... স্তনৰ আকাৰ হ্ৰাস কৰিলে অভিনেত্ৰী ছাৰ্লিনে!

ছাৰ্লিন চোপ্ৰা

Updated On: 

17 Nov 2025 13:53 PM

বলীউডত প্ৰায়ে চৰ্চিত এটা নাম ছাৰ্লিন চোপ্ৰা। বিভিন্ন সময়ত ছাৰ্লিন লুকৰ বাবে হওক বা অন্য কাৰণত, চৰ্চাত থাকে। এতিয়া পুনৰ তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এইবাৰ কোনো ভাইৰেল ভিডিঅ’ বা বিতৰ্কিত মন্তব্যৰ বাবে নহয়। এইগৰাকী বলীউডৰ নায়িকাই শেহতীয়াকৈ এটা সমস্যাৰ বাবে কমাইছিল স্তনৰ আকাৰ । চিনেমাত অভিনয়ৰ বাবেই ছিলিকনৰ সহায়ত তেওঁৰ স্তনৰ আকাৰ বৃদ্ধি কৰিছিল। আৰু এতিয়া জীৱনশৈলী সঠিৰ আৰু স্বাভাৱিক কৰি ৰাখিবলৈ ছাৰ্লিনে পুৰণি অৱতাৰলৈ ঘূৰি আহিছে। ছাৰ্লিন নিজৰ পুৰণি ৰূপলৈ ঘূৰি অহাৰ পিছত ছ’চিয়েল মিডিয়াত নিজৰ নতুন উপলব্ধিৰ বিষয়ে মুকলিকৈ জনাইছিল।

সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ স্তন ইমপ্লাণ্ট আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।  চিকিৎসকৰ পৰামৰ্শমতে সম্পন্ন হৈছে অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰৰ পূৰ্বে ছাৰ্লিনে কৈছিল, “যোৱা কেইমাহমানৰ পৰা মই পিঠি, ডিঙি, কান্ধ আৰু বুকুৰ তীব্ৰ বিষত ভুগি আহিছো। বিভিন্ন পৰীক্ষাৰ অন্তত চিকিৎসকে কয় যে এই বিষৰ মূল কাৰণ মোৰ গধুৰ ইমপ্লাণ্ট। গতিকে, মোৰ স্বাস্থ্য আৰু প্ৰাকৃতিক শক্তি পুনৰ লাভ কৰিবলৈ সিদ্ধান্ত লৈছো যে মই সেইবোৰ স্থায়ীভাৱে আঁতৰাই পেলাম।”

এয়া শেষ নহয়, অভিনেত্ৰীগৰাকীয়ে লগতে কয়, “মই অলপ চিন্তিত, একে সময়তে অতি উত্তেজিত। এই অতিৰিক্ত বোজা নোহোৱাকৈ এই নতুন জীৱনলৈ ঘূৰি আহিবলৈ মই আৰু অপেক্ষা কৰিব নোৱাৰো । ভগৱানে মোক আৰু চিকিৎসকসকলক আশীৰ্বাদ কৰক।”

জানিব পৰা মতে, ছাৰ্লিনৰ স্তনৰ পৰা ৮২৫ গ্ৰাম ছিলিকন আঁতৰোৱা হৈছে। অস্ত্ৰোপচাৰৰ পিছত ছাৰ্লিনে লিখিছে, “এতিয়া নিজকে পখিলাৰ দৰে লাগিছে।” অনুৰাগীসকলক এক বিশেষ বাৰ্তা দি ছাৰ্লিনে লিখিছে, “ছ’চিয়েল মিডিয়াত বিজ্ঞাপন প্ৰচাৰ হোৱা দেখি কোনেও ভুল সিদ্ধান্ত ল’ব নালাগে। ইয়াৰ ফলত আপোনাৰ ক্ষতি হ’ব। ভগৱানে যি দিছে তাতেই সন্তুষ্ট থাকক। নহ’লে ইয়াৰ ক্ষতি হ’ব। উদাহৰণস্বৰূপে মই উচিত শিক্ষা লাভ কৰিলোঁ।”

এইসকল লোকে ভুলতো খাব নালাগে ৰঙালাউৰ গুটি! জানক সকলো...
শীতকালত ৰাতি গাখীৰৰ লগত খাওক এই বস্তু, আছে বহু উপকাৰ...
চুবুৰীয়াক কেতিয়াও নিদিব পাকঘৰৰ এইসমূহ সামগ্ৰী, অন্যথা বিলাই-বিপত্তি নোহোৱা হ’ব জীৱনৰ
ভুলতো ঘৰত ৰুব নালাগে এইবোৰ গছ, আনিব দুৰ্ভাগ্য!