ইউটিউব-গুগলৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল অভিষেক আৰু ঐশ্চৰ্য, ৪ কোটি টকাৰ ক্ষতিপূৰণ দাবী

উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত অভিষেক আৰু ঐশ্চৰ্যই উল্লেখ কৰা মতে এআই ব্যৱহাৰ কৰি তেওঁলোকৰ ছবি, মুখাৱয়ব আৰু কণ্ঠ বিকৃত কৰা বহু ভিডিঅ’ আছে। এই ভিডিঅ’সমূহত যৌন প্ৰৰোচনামূলক আৰু সম্পূৰ্ণ কাল্পনিক দৃশ্য দেখুওৱা হৈছে বুলি তেওঁলোকে অভিযোগ কৰে।

ইউটিউব-গুগলৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল অভিষেক আৰু ঐশ্চৰ্য, ৪ কোটি টকাৰ ক্ষতিপূৰণ দাবী

অভিষেক বচ্চন আৰু ঐশ্চৰ্য ৰায় বচ্চন

Published: 

02 Oct 2025 | 08:45 PM

ইউটিউব আৰু ইয়াৰ মূল কোম্পানী গুগলৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বলীউড জগতৰ বহুচৰ্চিত যুটি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন। বিভ্ৰান্তিকৰ তথা মানহানিকাৰক ডিপফেক ভিডিঅ’ সৃষ্টি কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) অপব্যৱহাৰ সন্দৰ্ভত দুয়ো কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি দম্পতীহালে ইউটিউব আৰু গুগলৰ বিৰুদ্ধে গোচৰ তৰি প্ৰায় ৪ লাখ ৫০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪ কোটি টকা) ক্ষতিপূৰণ বিচাৰিছে।

উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত অভিষেক আৰু ঐশ্চৰ্যই উল্লেখ কৰা মতে এআই ব্যৱহাৰ কৰি তেওঁলোকৰ ছবি, মুখাৱয়ব আৰু কণ্ঠ বিকৃত কৰা বহু ভিডিঅ’ আছে। এই ভিডিঅ’সমূহত যৌন প্ৰৰোচনামূলক আৰু সম্পূৰ্ণ কাল্পনিক দৃশ্য দেখুওৱা হৈছে বুলি তেওঁলোকে অভিযোগ কৰে।

এনে ভিডিঅ’সমূহে তেওঁলোকৰ ব্যক্তিগত মৰ্যাদাক খৰ্ব কৰাৰ লগতে তেওঁলোকৰ গোপনীয়তাৰ অধিকাৰো খৰ্ব কৰা বুলি আঙুলিয়াই দিয়ে বচ্চন দম্পতীহালে। ইয়াৰ উদাহৰণস্বৰূপে অভিষেক বচ্চনে এগৰাকী অভিনেত্ৰীক চুমা খাই থকা এটা ডিপফেক ভিডিঅ’ৰ বিষয়ে আদালতত দাখিল কৰা গোচৰটোত উল্লেখ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে আন এটা ভিডিঅ’ত ঐশ্বৰ্য ৰায় বচ্চন আৰু ছলমান খানক একেলগে ডিনাৰ পাৰ্টিত বহি থকা দেখা গৈছে। এই ভিডিঅ’টোও সম্পূৰ্ণ কাল্পনিক আৰু বিভ্ৰান্তিপূৰ্ণ বুলি আঙুলিয়াই দিয়া হৈছে। অভিষেক আৰু ঐশ্বৰ্যই আবেদনখনত লগতে যদি এনে বিভ্ৰান্তিকৰ বিষয়বস্তু ব্যৱহাৰ কৰি AI মডেলক প্ৰশিক্ষণ দিয়া হয়, ভৱিষ্যতে ই অধিক ক্ষতিকাৰক তথ্য বিয়পাব পাৰে বুলিও আবেদনত উল্লেখ কৰিছে।

যোৱা মাহত দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি গুগলৰ আইনী অধিবক্তাক উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। দম্পতীহালে চিনাক্ত কৰা ৫১৮টা লিংক আৰু পোষ্ট আঁতৰোৱাৰো নিৰ্দেশ দিছে আদালতে। অহা বৰ্ষৰ ১৫ জানুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ইউটিউব বা গুগলে কোনো সঁহাৰি দিয়া নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...