৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণাঃ শ্বাহৰুখ-বিক্ৰমলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান, ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে উৎপল দত্তই

সুদীৰ্ঘ ৩৩টা বছৰৰ পিছত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে বলীউডৰ কিং খান খ্যাত শ্বাহৰুখ খানে। তেওঁৰ লগতে বিক্ৰান্ত মেছিয়ে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে। আনহাতে ৰাণী মুখাৰ্জীয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণাঃ শ্বাহৰুখ-বিক্ৰমলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান, ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে উৎপল দত্তই

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

Updated On: 

01 Aug 2025 19:41 PM

আজি ঘোষণা কৰা হয় ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীসকলৰ নাম বিগত ২০২৩ চনত মুক্তি পোৱা ছবিৰ বাবে এই বঁটা ঘোষণা কৰা হৈছে। দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত এখন সংবাদমেল যোগে ৰাষ্ট্ৰীয় চলিচ্চিত্ৰ বঁটাৰ বিভিন্ন শাখাৰ বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয় সুদীৰ্ঘ ৩৩টা বছৰৰ পিছত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে বলীউডৰ কিং খান খ্যাত শ্বাহৰুখ খানে তেওঁৰ লগতে বিক্ৰান্ত মেছিয়ে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে আনহাতে ৰাণী মুখাৰ্জীয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ইফালে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ সন্মানেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে উৎপল দত্তই

লগতে ননফিচাৰ ছবিৰ ক্ষেত্ৰত ‘Best Debut Film of a Diractor’ শাখাত শিল্পীকা বৰদলৈৰ দ্বাৰা পৰিচালিত মিজো ছবিMau: the spirit dreams of cheraw’- শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে ফিচাৰ শাখাত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হৈছে আদিত্যম শইকীয়াৰ ৰংগাটাপু ১৯৮২ একেদৰে শ্ৰেষ্ঠ টাই ফাকে ছবিৰ সন্মান লাভ কৰিছে প্ৰবাল খাউণ্ড পৰিচালিতপাই টাংষ্টেপ অৱ হোপছবিয়ে

চাওক ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীৰ নাম

বিশেষ উল্লেখ (Special Mention) এনিমেল (পুনঃৰেকৰ্ডিং মিক্সিং): এম আৰ ৰাজাকৃষ্ণন

শ্ৰেষ্ঠ টাইফাকে চলচ্চিত্ৰ পাই টাং… ষ্টেপ অৱ হোপ

শ্ৰেষ্ঠ গাৰো চলচ্চিত্ৰ ৰিমদোগিতাংগা

শ্ৰেষ্ঠ তেলুগু চলচ্চিত্ৰ ভগৱন্ত কেশৰি

শ্ৰেষ্ঠ তামিল চলচ্চিত্ৰ পাৰ্কিং

শ্ৰেষ্ঠ পাঞ্জাবী চলচ্চিত্ৰ গোদ্দে গোদ্দে চা

শ্ৰেষ্ঠ ওড়িয়া চলচ্চিত্ৰ পুষ্কৰা

শ্ৰেষ্ঠ মাৰাঠী চলচ্চিত্ৰ শ্যামচি আই

শ্ৰেষ্ঠ কন্নড় চলচ্চিত্ৰ কন্দিলু

শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ কঠাল

শ্ৰেষ্ঠ এক্সন নিৰ্দেশনা হনু-মান (তেলুগু)

শ্ৰেষ্ঠ কোৰিঅ’গ্ৰাফি ৰকী অৰু ৰানী কী প্ৰেম কাহিনী (“ঢিণ্ঢোৰা বজে ৰে”)

শ্ৰেষ্ঠ গীত বলগম (তেলুগু)

শ্ৰেষ্ঠ সংগীত পৰিচালক ৱাথী (তামিল) জি ভি প্ৰকাশ কুমাৰ

শ্ৰেষ্ঠ সংগীত পৰিচালক (হিন্দী) এনিমেল হৰ্ষবৰ্ধন ৰামেশ্বৰ

শ্ৰেষ্ঠ মেকআপ ছেম বাহাদুৰ শ্ৰীকান্ত দেশাই

শ্ৰেষ্ঠ পোছাক ডিজাইনাৰ ছেম বাহাদুৰ দিৱ্যা গম্ভীৰ, সচিন লাওলেকাৰ, নিধি গম্ভীৰ

শ্ৰেষ্ঠ চাউণ্ড ডিজাইন এনিমেল সচিন সুধাকৰণ, হৰিহৰণ মুৰলীধৰণ

শ্ৰেষ্ঠ সংলাপ লেখক সিৰ্ফ এক বন্দা কাফি হে

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী দ্য কেৰালা ষ্ট’ৰী প্ৰনস্তানু মহাপাত্ৰ

শ্ৰেষ্ঠ গায়িকা শিল্পা ৰাও

শ্ৰেষ্ঠ গায়ক পি ভি এন এছ ৰোহিত (তেলুগু)

শ্ৰেষ্ঠ শিশু শিল্পী

) গান্ধী তথা চেতু সুকৃতি বেণী বন্দ্ৰেদী

) জিপচী কবিৰ খাণ্ডাৰে

) নাল তৃষা তোসাৰ, শ্ৰীনিৱাস পোকালে, ভাৰ্গৱ জগপত

শ্ৰেষ্ঠ অভিনেত্ৰী ৰাণী মুখাৰ্জী

শ্ৰেষ্ঠ অভিনেতা শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছি

শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ (সাৰ্বজনীন) ৰকী অৰু ৰানী কী প্ৰেম কহানী

শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰ 12th Fail

কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?