লাচিত দিৱসৰ পৰা লুচি আৱিষ্কাৰলৈ, পলকতে চাওক ইতিহাসত আজিৰ দিনটো…
বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। লাচিত দিৱসৰ পৰা লুচি আৱিষ্কাৰলৈ আজি দিনটোৰ ইতিহাস চাওক।
আজি ২৪ নৱেম্বৰ দিনটো ভাৰতীয় আৰু বিশ্ব ইতিহাসত তাৎপৰ্যপূৰ্ণ দিন। লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী উপলক্ষে অসমত লাচিত দিৱস পালন কৰা হয়। ইয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ পৰিঘটনা ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত কি কি ঘটনা পৰিঘটনা ঘটিছিল?
লাচিত দিৱস (লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী):
১৬২২ চনৰ আজিৰ দিনটোত আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম হয়। ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত মোগল বাহিনীৰ বিৰুদ্ধে নিৰ্ণায়ক বিজয়ত মূল ভূমিকা গ্ৰহণ কৰিছিল লাচিত বৰফুকনে। লাচিত বৰফুকনৰ ত্যাগ আৰু বীৰত্বক সোঁৱৰণ কৰি অসমত আজিৰ দিনটো উদযাপন কৰা হয়। ইফালে, ৰাষ্ট্ৰীয় সামৰিক নায়ক হিচাপে তেওঁৰ উত্তৰাধিকাৰক সুদৃঢ় কৰি ৰাষ্ট্রীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ স্নাতক কেডেটক প্ৰতি বছৰে লাচিত বৰফুকন স্বৰ্ণ পদক প্ৰদান কৰা হয়।
শ্বাহীদী দিৱস (গুৰু টেগ বাহাদুৰৰ শ্বহীদ):
১৬৭৫ চনত শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰ মৃত্যু বাৰ্ষিকীত এই দিৱস পালন কৰা হয়। ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে হিন্দু আৰু শিখৰ ধৰ্মীয় স্বাধীনতা ৰক্ষা কৰাৰ বাবে তেওঁৰ মোগল সম্ৰাট ঔৰংজেবৰ নিৰ্দেশত দিল্লীত ফাঁচী দিয়া হৈছিল। তেওঁৰ এই বলিদানক মৌলিক মানৱ অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতাৰ প্ৰতিৰক্ষা হিচাপে শ্ৰদ্ধা কৰা হয়।
১৯৭৪ চনত “লুচি”ৰ আৱিষ্কাৰ
ইথিওপিয়াত বিজ্ঞানীসকলে ৩২ লাখ বছৰীয়া হমিনিডৰ কংকালৰ বিখ্যাত খণ্ড আৱিষ্কাৰ কৰে, যাক তেওঁলোকে “লুচি” বুলি ডাকনাম দিছিল, যিটো মানৱ বিৱৰ্তনৰ অধ্যয়নৰ এক জটিল প্ৰমাণ।
অন্যান্য কেইটামান পৰিঘটনা
১৮৫৯ চনত চাৰ্লছ ডাৰউইনৰ “অন দ্য অৰিজিন অৱ স্পেচিজ” প্ৰকাশ পায়, য’ত বিৱৰ্তনৰ তত্ত্ব উপস্থাপন কৰা হয়।
১৯৬৩ চনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ হত্যাকাৰী লি হাৰ্ভি অছৱাল্ডক হত্যা কৰা হয়।
১৮৭১ চনত নেচনেল ৰাইফল এছ’চিয়েচন (এন ৱাই চি) গঠন কৰা হয়।
২০০৬ চনত পাকিস্তান আৰু চীনে মুক্ত বাণিজ্য অঞ্চলৰ চুক্তি স্বাক্ষৰ কৰে আৰু লগতে AWACS নিৰ্মাণৰ বাবেও সন্মতি দিয়ে।