দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৮ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

08 Sep 2025 | 08:58 AM

আজি ৮ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৮ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৯২৬ চনৰ আজিৰ দিনটোতে ড° ভূপেন হাজৰিকাৰ জন্ম। “সুধাকণ্ঠ” নামেৰে পৰিচিত তেওঁ আছিল বহুমুখী শিল্পী, কবি, গায়ক, চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনীতিবিদ যিয়ে অসমীয়া সংস্কৃতি আৰু ভাৰতীয় চিনেমালৈ গভীৰ অৱদান আগবঢ়াইছিল।

১৯৬৬ চনত ইউনেস্ক’ই ৮ ছেপ্টেম্বৰ দিনটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে। যাতে মানুহক সাক্ষৰতাৰ প্ৰতি সজাগ কৰিব পাৰে।

১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধত ইটালীয়ে মিত্ৰশক্তিৰ সৈতে বিনাচৰ্ত যুদ্ধবিৰতি স্বাক্ষৰ কৰিছিল।

১৯৬২ চনত ভাৰতৰ পূব সীমান্তত চীনে অনুপ্ৰৱেশ কৰে।

২০০৬ চনত মহাৰাষ্ট্ৰৰ মালেগাঁওত সংঘটিত হয় এক বোমা বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হয়।

১৯৩৩ চনত বিখ্যাত গায়িকা আশা ভোছলেৰ জন্ম।

১৯৬৭ চনত ৰাজনীতিবিদ আৰু সাংবাদিক ফিৰোজ গান্ধীৰ মৃত্যু।

১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লণ্ডনত প্ৰথমবাৰৰ বাবে ভি-২ ৰকেটেৰে আক্ৰমণ কৰা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব