শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৫ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 25 Sep 2025 09:08 AM

আজি ২৫ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৫ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৫২৪ চনত ভাস্কো দা গামা শেষবাৰৰ বাবে ভাইচৰয় হিচাপে ভাৰতলৈ উভতি আহে।

১৬৩৯ চনত আমেৰিকাত প্ৰথম ছপাশালৰ প্ৰৱৰ্তন হয়।

১৬৫৪ চনত ইংলেণ্ড আৰু ডেনমাৰ্কে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰে।

১৮৪৬ চনত আমেৰিকান সেনাই মেক্সিকোৰ মণ্টেৰী দখল কৰে।

১৮৯৭ চনত ব্ৰিটেইনত প্ৰথম বাছ সেৱা আৰম্ভ হয়।

১৯৮১ চনত মধ্য আমেৰিকাৰ দেশ বেলিজে ৰাষ্ট্ৰসংঘত যোগদান কৰে।

১৯৯৯ চনত কাঠমাণ্ডুত অষ্টম এছ এ এফ গেমছ মুকলি হয়।

২০০৩ চনত মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ষষ্ঠবাৰৰ বাবে গায়ুমে জয়লাভ কৰে।