দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১১ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ১১ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১১ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
৯/১১ আক্ৰমণ
আজিৰ দিনটেোতে ৯/১১ আক্ৰমণৰ সাক্ষী হৈছিল বিশ্ব। কাৰণ ২০০১ চনৰ ১১ ছেপ্টেম্বৰ আল কায়দাৰ সন্ত্ৰাসবাদীয়ে ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছিল। প্ৰথমে ১৯টা আল কায়দাৰ সন্ত্ৰাসবাদীয়ে চাৰিখন বাণিজ্যিক যাত্ৰীবাহী বিমান অপহৰণ কৰে। নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ টাৱাৰত দুখন বিমানে খুন্দা মৰাৰ ফলত দুয়োটা অট্টালিকা ভাঙি পৰে। তৃতীয়খন বিমানে ৱাশ্বিংটন ডি চিৰ বাহিৰত থকা পেন্টাগনত খুন্দা মাৰি বিস্তৰ ক্ষতিসাধন কৰে। যাত্ৰীসকলে আক্ৰমণকাৰীক প্ৰতিহত কৰাৰ পিছতে চতুৰ্থখন বিমান পেনচিলভেনিয়াৰ এখন পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয়। এই আক্ৰমণত প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে সমগ্ৰ বিশ্বতে আতংক বিয়পি পৰে।
ইয়াৰ লগতে দিনটোৰ আন কেইটামান পৰিঘটনা
১৮৯৩ চনত চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সন্মিলনত সাম্প্ৰদায়িকতা, ধৰ্মীয় উন্মাদনা আৰু হিংসাৰ ওপৰত ঐতিহাসিক ভাষণ প্ৰদান কৰে স্বামী বিবেকানন্দই।
১৮৯৫ চনত স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী তথা গান্ধীবাদী নেতা বিনোবা ভৱেৰ জন্ম।
১৯০৬ চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে সত্যগ্ৰহ আন্দোলন আৰম্ভ কৰে।
১৯৪১ চনত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনৰ নিৰ্মাণ আৰম্ভ।
১৯৬১ চনৰ বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF) প্ৰতিষ্ঠা কৰা হৈছিল।
১৯৭৩ চনত চিলিত সামৰিক অভ্যুত্থানে ৰাষ্ট্ৰপতি ছালভাডৰ এলেণ্ডেক উৎখাত কৰে।
২০০৩ চনত চীনৰ বিৰোধিতা সত্ত্বেও আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছে তিব্বতৰ ধৰ্মনেতা দালাই লামাক সাক্ষাৎ কৰে।