দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১০ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

10 Sep 2025 | 07:00 AM

আজি ১০ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১০ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৪৭ চনত হাৱাইত প্ৰথমখন থিয়েটাৰ মুকলি কৰা হয়।

১৯১৪ চনত ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত মাৰ্নে যুদ্ধৰ অন্ত পৰে।

১৯৩৯  চনত দ্বিতীয় বিশ্বযুদ্ধত কানাডাই জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯৭৪ চনত আফ্ৰিকান দেশ গিনিয়ে পৰ্তুগালৰ পৰা স্বাধীনতা লাভ কৰে।

১৯৯৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ৩ টা ভোটৰ বিপৰীতে ১৫৮ টা ভোটৰ দ্বাৰা বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি অনুমোদন কৰা হয়, ভাৰতকে ধৰি তিনিখন দেশে এই সন্ধিৰ বিৰোধিতা কৰে।

২০০২ চনত ইউৰোপীয় দেশ ছুইজাৰলেণ্ড ৰাষ্ট্ৰসংঘৰ সদস্য হয়।

২০০৩ চনত কানকুনত বিশ্ব বাণিজ্য সংস্থাৰ পঞ্চম মন্ত্ৰীসভাৰ বৈঠক আৰম্ভ হয়।

বিখ্যাত অসমীয়া ভাষাৰ কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক নীলমণি ফুকন (কনিষ্ঠ) ৰ ১৯৩৩ চনৰ আজিৰ দিনটোতে জন্ম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...