দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৩০ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

30 Oct 2025 09:41 AM

আজি ৩০ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৩০ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

আজি অভিশপ্ত ৩০ অক্টোবৰ। ২০০৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীকে ধৰি কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ বোমা বিস্ফোৰণ সংঘটিত হৈছিল। প্ৰকাশিত প্ৰতিবেদনসমূহৰ মতে এই দিনটোত ১৮টা বোমাৰ বিস্ফোৰণ ঘটে। এই ঘটনাত ৮০ জনকৈ লোক নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক লোক আহত হয়। এই বিস্ফোৰণৰ আঁৰত ৰঞ্জন দৈমাৰী গোট(এন ডি এফ বি) জড়িত আছিল বুলি সন্দেহ কৰা হয়।

অন্যান্য পৰিঘটনা

১৯২২ চনত ইটালীত বেনিটো মুছলিনীয়ে চৰকাৰ গঠন কৰে।

১৯৩০ চনত তুৰস্ক আৰু গ্ৰীচে বন্ধুত্ব চুক্তি স্বাক্ষৰ কৰে।

১৯৪৫ চনত ভাৰতে ৰাষ্ট্ৰসংঘত যোগদান কৰে।

১৯৫৬ চনত ভাৰতৰ প্ৰথমখন পঞ্চ তাৰকাযুক্ত হোটেল অশোকা মুকলি হয়।

১৯৬০ চনত ব্ৰিটেইনত প্ৰথম সফল বৃক্ক সংৰোপণ কৰা হয়।

১৯৬৩ চনত আফ্ৰিকান দেশ মৰক্কো আৰু আলজেৰিয়াই যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰে।

২০০১ চনত পাকিস্তানে বিন লাডেনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তিনিজন পাৰমাণৱিক বিজ্ঞানীক আমেৰিকাক গতাই দিয়ে।

কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...
কেৱল ৰোহিত শৰ্মাই নহয়, আইচিচি ৰেংকিঙৰ শীৰ্ষত আছে এইকেইজন ভাৰতীয় খেলুৱৈ
কি ভিটামিনৰ অভাৱত হাড়ৰ বিষ হয়? জানক...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে এই ৫ টা অভ্যাসে, জানক সকলো...