দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২৯ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ২৯ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৯ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৭০৯ চনত ইংলেণ্ড আৰু নেদাৰলেণ্ডে ফ্ৰান্স বিৰোধী চুক্তি স্বাক্ষৰ কৰে।
১৭৯৪ চনত ফৰাচী সেনাই দক্ষিণ-পূব নেদাৰলেণ্ডৰ ভেনলো দখল কৰে।
১৮৫১ চনত বংগত ব্ৰিটিছ ইণ্ডিয়ান এছ’চিয়েচন প্ৰতিষ্ঠা হয়।
১৮৫৯ চনত স্পেইনে মৰক্কোৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৮৬৪ চনত গ্ৰীচে নতুন সংবিধান গ্ৰহণ কৰে।
১৯২০ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ প্ৰচেষ্টাত জামিয়া মিলিয়া ইছলামিয়া প্ৰতিষ্ঠা হয়।
১৯২৪ চনত ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টি পৰাজিত হয়।
১৯৯৪ চনত নিউয়ৰ্কত আমেৰিকান ইণ্ডিয়ানৰ নেচনেল মিউজিয়াম উদ্বোধন কৰা হয়।