দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৮ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

28 Oct 2025 | 07:00 AM

আজি ২৮ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৮অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৮৬ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি গ্ৰভাৰ ক্লিভলেণ্ডে বন্ধুত্বৰ প্ৰতীক হিচাপে ফ্ৰান্সৰ পৰা উপহাৰ দিয়া ষ্টেচু অৱ লিবাৰ্টি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

১৮৯১ চনৰ আজিৰ দিনটোতে জাপানত ভূমিকম্পৰ ফলত ৭৩০০ লোকৰ মৃত্যু হয়।

১৯১৮ চনত অষ্ট্ৰিয়া আৰু হাংগেৰী পৃথক হোৱাৰ পিছত চেকোস্লোভাকিয়া স্বাধীন হয়।

১৯৫৪ চনত আৰ্নেষ্ট হেমিংৱেই সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

১৯৫৫ চনত ইজিপ্ত আৰু চৌদি আৰৱে প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰে।

২০০৪ চনত বেইজিঙত ৪০০০ বছৰ পুৰণি সমাধি আৱিষ্কাৰ হয়।

২০০৯ চনত পাকিস্তানৰ পেছাৱাৰত বোমা বিস্ফোৰণত ১১৭ জন নিহত আৰু ২১৩ জন আহত হয়।

১৯৫৮ চনত অশোক চাৱন জন্ম। তেওঁ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা।

১৯৬৩ চনত উৰ্জিত পেটেলৰ জন্ম। তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪ সংখ্যক গৱৰ্ণৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...