দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

01 Oct 2025 | 07:00 AM

আজি ১ অক্টোবৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৫৪ চনত ভাৰতত ৰাণী ভিক্টোৰিয়াৰ ছবি থকা ডাক টিকট প্ৰচলন আৰম্ভ হয় আৰু ভাৰতীয় ডাক বিভাগ স্থাপন হয়।

১৯৫৩ চনত ভাষিক ভিত্তিত অন্ধ্ৰপ্ৰদেশ ৰাজ্য গঠন হয় যদিও পাছলৈ ইয়াক তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বিভক্ত কৰা হয়।

১৯৬৭ চনত ভাৰতীয় পৰ্যটন উন্নয়ন নিগম (ITDC) প্ৰতিষ্ঠা কৰা হয়।

১৯৪৯ চনত মাও জেদঙে চীনত কমিউনিষ্ট পাৰ্টিৰ শাসন আৰম্ভ কৰে।

১৯৯০ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১ অক্টোবৰক আন্তৰ্জাতিক বয়স্ক ব্যক্তি দিৱস হিচাপে ঘোষণা কৰে।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১ অক্টোবৰত।

১৯৭৮ চনত ছোৱালীৰ বিবাহযোগ্য বয়স ১৪ বছৰৰ পৰা ১৮ বছৰলৈ, আৰু ল’ৰাৰ ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা হয়।

১৯৯৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে পশ্চিম এছিয়া শীৰ্ষ সন্মিলন উদ্বোধন কৰে।

২০০৭ চনত জাপানে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে আৰু ছমাহৰ বাবে নিষেধাজ্ঞা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব