দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ৭ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।
আজি ৭ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৭ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৮৬২ চনত মোগল সাম্ৰাজ্যৰ শেষ শাসক বাহাদুৰ শ্বাহৰ ৰেংগুনত মৃত্যু হয়।
১৮৭৬ চনৰ আজিৰ দিনটোতে বংগৰ এখন গাঁও কান্তল পদাত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীত ৰচনা কৰে।
১৯১৭ চনত ৰাছিয়াত বলছেভিক বিপ্লৱ সফল হয়।
১৯৫১ চনত জৰ্ডানত সংবিধান গৃহীত হয়।
১৯৬৮ চনত তেতিয়াৰ ছোভিয়েট ইউনিয়নে পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৯৬ চনত আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মংগল গ্ল’বেল চাৰ্ভেয়ৰ উৎক্ষেপণ কৰে।
১৯৯৮ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে ভাৰত আৰু পাকিস্তানৰ ওপৰত নিষেধাজ্ঞা শিথিল কৰাৰ কথা ঘোষণা কৰে।
২০০৬ চনত ভাৰত আৰু আছিয়ানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ বাবে পুঁজি স্থাপনৰ বাবে সন্মত হয়।