ষষ্ঠ অনুসূচীৰ দাবীত ৰাভা জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ
ষষ্ঠ অনুসূচীৰ দাবীত পুনৰ প্ৰতিবাদত উত্তাল হৈছে ৰাভা হাছং। কেইবাটাও ৰাভা সংগঠনে আজি ৰাভা হাছং এলেকাৰ গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ মুঠ চাৰিটা সমজিলা কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে। এই দাবীতে আজি দুধনৈ সমজিলা কাৰ্যালয়ৰ সমুখত দুই ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে।
ষষ্ঠ অনুসূচীৰ দাবীত পুনৰ প্ৰতিবাদত উত্তাল হৈছে ৰাভা হাছং। কেইবাটাও ৰাভা সংগঠনে আজি ৰাভা হাছং এলেকাৰ গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ মুঠ চাৰিটা সমজিলা কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে। এই দাবীতে আজি দুধনৈ সমজিলা কাৰ্যালয়ৰ সমুখত দুই ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদত নামে চাৰি শতাধিক পুৰুষ-মহিলা। চৰকাৰে বিভিন্ন সময়ত ৰাভা হাছঙৰ ষষ্ঠ অনুসূচীৰ বিষয়টোক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিলেও বাস্তৱত ৰূপায়ণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাভা সংগঠনসমূহে।
নৱেম্বৰৰ ভিতৰত ৰাভা জাতীয় সংগঠন, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত নকৰিলে অধিক জংগী আন্দোলন হ’ব বুলিও ৰাভা সংগঠনসমূহে হুংকাৰ দিছে।
Latest Videos
