দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৫ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

05 Nov 2025 | 07:00 AM

আজি ৫ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৫ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰা প্ৰখ্যাত শিল্পীগৰাকীয়ে। “সুধাকণ্ঠ” নামেৰে বহুলভাৱে পৰিচিত ভূপেন হাজৰিকৰ আছিল বিখ্যাত গায়ক, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনীতিক।

১৫৫৬ চনৰ আজিৰ দিনটোতে পানীপথৰ দ্বিতীয় যুদ্ধত মোগল সম্ৰাট আকবৰে হেমুক পৰাস্ত কৰে।

১৬৩০ চনত স্পেইন আৰু ইংলেণ্ডৰ মাজত শান্তি চুক্তি স্বাক্ষৰ কৰা হয়।

১৭২৫ চনত স্পেইন আৰু অষ্ট্ৰিয়াই গোপন চুক্তি স্বাক্ষৰ কৰে।

১৮৫৪ চনত ক্ৰিমিয়া যুদ্ধত ব্ৰিটেইন আৰু ফ্ৰান্সৰ সংযুক্ত বাহিনীয়ে ইকাৰমানত ৰাছিয়ান সেনাক পৰাস্ত কৰে।

১৯১৪ চনত ইংলেণ্ড আৰু ফ্ৰান্সে তুৰস্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯২০ চনত ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি প্ৰতিষ্ঠা হয়।

১৯৬১ চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিউয়ৰ্ক ভ্ৰমণ কৰে।

১৯৭৬ চনত ছোভিয়েট ইউনিয়নে পাৰমাণৱিক পৰীক্ষা চলায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব