আজি ৩০ জুলাই, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৮৯৮ চনত জাৰ্মানীৰ প্ৰথম চেন্সেলৰ অট্টো ভন বিছমাৰ্কৰ মৃত্যু হয়। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি ৩০ জুলাই, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

30 Jul 2025 07:00 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৩০ জুলাইৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৮৯৮ চনত জাৰ্মানীৰ প্ৰথম চেন্সেলৰ অট্টো ভন বিছমাৰ্কৰ মৃত্যু হয়। ইয়াৰ উপৰিও ১৯৪৫ চনত জাপানৰ চাবমেৰিন আক্ৰমণৰ ফলত ইউ এছ এছ ইণ্ডিয়ানাপলিছ ডুব যোৱাটোও আজি তাৰিখৰ এক উল্লেখযোগ্য পৰিঘটনা। তামিলনাডু এক্সপ্ৰেছ অগ্নিকাণ্ড সংঘটিত হয় আজিৰ দিনটোতে। অন্ধ্ৰ প্ৰদেশত তামিলনাডু এক্সপ্ৰেছত সংঘটিত এই অগ্নিকাণ্ডত ৩২ জন যাত্ৰী নিহত হোৱাৰ লগতে ২৭ জন আহত হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

১৫০২ চনত চতুৰ্থ যাত্ৰাৰ সময়ত ক্রিষ্টোফাৰ কলম্বাছে হণ্ডুৰাছৰ উপকূলৰ গুয়ানাজা দ্বীপত অৱতৰণ কৰে।

১৮৬৩ চনত আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে কৃষ্ণাংগ যুদ্ধবন্দীসকলৰ লগত কৰা ব্যৱহাৰৰ বাবে কনফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ নিৰ্দেশ জাৰি কৰে।

১৯৩০ চনত চূড়ান্ত খেলখনত আৰ্জেণ্টিনাক পৰাস্ত কৰি উৰুগুৱেই প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ চেম্পিয়ন হয়।

১৯৪৫ চনত ইউ এছ এছ ইণ্ডিয়ানাপলিছক জাপানী ছাবমেৰিনে আঘাত কৰে, যাৰ ফলত আমেৰিকাৰ ইতিহাসৰ অন্যতম ভয়াৱহ নৌসেনাৰ দুৰ্যোগ।

২০১২ চনৰ ৩০ জুলাই তাৰিখে ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰৰ সমীপত পুৱা চেন্নাই অভিমুখী তামিলনাডু এক্সপ্ৰেছ ৰেলখনত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ৩২ জন যাত্ৰী নিহত হোৱাৰ লগতে ২৭ জন আহত হয়।

১৮৯৮ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ প্ৰথম চেন্সেলৰ অট্টো ভন বিছমাৰ্কৰ মৃত্যু হয়।

জীৱনত সমস্যাই লগ নেৰে নেকি? কেতিয়াও আনক শ্বেয়াৰ নকৰিব এই ৫টা কথা...
সঘনাই গেছৰ সমস্যা হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ এটা ভুলৰ বাবেই দুৰ্বল হৈ পৰিব পাৰে আপোনাৰ দাঁত!
বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক