ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজৰ পৰা ভাৰত স্বাধীন হোৱাৰ কেইদিনমান পূর্বে ১৯৪৭ চনৰ ২২ জুলাইত অনুষ্ঠিত সংবিধান সভাৰ বৈঠকত ভাৰতৰ জাতীয় পতাকা বৰ্তমানৰ ৰূপত গ্ৰহণ কৰা হয়। লগতে চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস
আজি ২২ জুলাইৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজৰ পৰা ভাৰত স্বাধীন হোৱাৰ কেইদিনমান পূর্বে ১৯৪৭ চনৰ ২২ জুলাইত অনুষ্ঠিত সংবিধান সভাৰ বৈঠকত ভাৰতৰ জাতীয় পতাকা বৰ্তমানৰ ৰূপত গ্ৰহণ কৰা হয়।
আজিৰ দিনটোতে জেৰুজালেমৰ কিং ডেভিদ হোটেলত জিয়নিষ্ট উগ্ৰপন্থী সংগঠন ইৰগুনে বোমা বিস্ফোৰণ কৰে। এই বিস্ফোৰণত ৯১ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়। আজিৰ দিনটোতে ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ পুত্ৰ উদয় আৰু কুছাই হুছেইনক ইৰাকৰ মছুলত আমেৰিকান বাহিনীয়ে হত্যা কৰে। ইয়াৰ লগতে চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা।
দিনটোৰ ইতিহাস
- ১৯৪৬ চনৰ ২২ জুলাইত তেতিয়াৰ পেলেষ্টাইনৰ বাবে ব্ৰিটিছ প্ৰশাসনিক মুখ্য কাৰ্যালয় জেৰুজালেমৰ কিং ডেভিদ হোটেলত জিয়নিষ্ট উগ্ৰপন্থী সংগঠন ইৰগুনে বোমা বিস্ফোৰণ কৰে। এই ঘটনাত ৯১ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়।
- ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান সভাই স্বাধীন ভাৰতৰ ত্ৰিৰংগা পতাকা গ্ৰহণ কৰে, যিখন পতাকা পিছলৈ ১৯৪৭ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা হিচাপে পৰিগণিত হয়।
- ১৯৭২ চনৰ আজিৰ দিনটোতে ছোভিয়েট মহাকাশ অনুসন্ধানকাৰী ভেনেৰা ৮ সফলতাৰে শুক্ৰৰ ওপৰত অৱতৰণ কৰি ৫০ মিনিটৰ বাবে তথ্য প্ৰেৰণ কৰিছিল। ই মহাকাশ অন্বেষণৰ এক উল্লেখযোগ্য পদক্ষেপ।
- ২০০৩ চনৰ আজিৰ দিনটোতে ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ পুত্ৰ উদয় আৰু কুছাই হুছেইনক ইৰাকৰ মছুলত আমেৰিকান বাহিনীয়ে হত্যা কৰে।
- ১৮২২ চনত গ্ৰেগৰ মেণ্ডেলৰ জন্ম। তেওঁ অষ্ট্ৰিয়াৰ বিজ্ঞানী, আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে পৰিচিত।
- ১৯৯২ চনৰ আজিৰ দিনটোতে আমেৰিকান গায়িকা, অভিনেত্ৰী আৰু প্ৰযোজক চেলিনা গোমেজৰ জন্ম।
- ১৮৩২ চনত নেপোলিয়ন বোনাপাৰ্টৰ পুত্ৰ দ্বিতীয় নেপোলিয়নৰ মৃত্যু, তেওঁক ড্যুক অৱ ৰাইচষ্টাড বুলিও কোৱা হয়।