ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৯৯৪ চনৰ ১৪ জুলাইত চক্ৰশিলা সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়ে অসম চৰকাৰে।ফ্ৰান্সত ১৪ জুলাইৰ দিনটো স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ মূল্যবোধৰ প্ৰতীক বেষ্টিল দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

14 Jul 2025 | 07:00 AM

আজিৰ ১৪ জুলাইৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে চক্ৰশিলা সংৰক্ষিত বনাঞ্চলে অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত চক্ৰশিলা পাহাৰক ১৯৬৬ চনত প্ৰথম সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পাছতে ১৯৯৪ চনৰ ১৪ জুলাইত এই সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়ে অসম চৰকাৰে।

ইফালে, ১৭৮৯ চনৰ ১৪ জুলাইত বেষ্টিল কাৰাগাৰত আক্ৰমণ সংঘটিত হয় আৰু আজিৰ দিনটো ফৰাচী বিপ্লৱৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে পৰিগণিত হয়। ১৭৮৯ চনৰ ১৪ জুলাইৰ পুৱা হাজাৰ হাজাৰ লোকে গোট খাই ক্ষমতা আৰু নিৰ্ভীকতাৰ প্ৰতীক ফ্ৰান্সৰ বেষ্টিল কাৰাগাৰত আক্ৰমণ চলায়।

কোৱা হয় যে, ১৪ জুলাইৰ দিনটো আছিল ফ্ৰান্সৰ ইতিহাসত এক টাৰ্নিং পইণ্ট। আজিৰ দিনটোতে সংঘটিত হোৱা ফৰাচী বিপ্লৱে কেৱল ফ্ৰান্সতে নহয়, সমগ্ৰ ইউৰোপতে ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তন আনিছিল। আজিও ১৪ জুলাইৰ দিনটো স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ মূল্যবোধৰ প্ৰতীক বেষ্টিল দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  • ১৭৮৯ চনৰ আজিৰ দিনটোতে পেৰিছৰ জনসাধাৰণে বেষ্টিল কাৰাগাৰ আক্ৰমণ কৰিছিল। ফ্ৰান্সত ফৰাচী বিপ্লৱৰ বৰ্ষপূৰ্তি উপলক্ষে ১৪ জুলাইত ফ্ৰান্সত বেষ্টিল দিৱস পালন কৰা হয়।
  • ১৮৬৭ চনৰ আজিৰ দিনটোতে আলফ্ৰেড নোবেলে ডাইনামাইটৰপৰীক্ষা সফলতাৰে কৰিছিল।
  • ১৯২৫ চনত জাৰ্মানীত নাজী পাৰ্টিৰ বাহিৰে সকলো ৰাজনৈতিক দল নিষিদ্ধ কৰা হৈছিল।
  • ১৯৬৯ চনৰ আজিৰ দিনটোতে জয়পুৰত মালবাহী ৰে’ল আৰু যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষত ৮৫ জন লোকৰ মৃত্যু হয়।
  • ২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতত ১৬০ বছৰ পুৰণি টেলিগ্ৰাম সেৱা বন্ধ কৰি দিয়া হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...