Teacher’s Day 2025 speech: এনেদৰে দিয়ক ‘শিক্ষক দিৱস’ৰ ভাষণ, লাভ কৰিব প্ৰশংসা…

Teacher's day speech: প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল।

Teachers Day 2025 speech: এনেদৰে দিয়ক শিক্ষক দিৱসৰ ভাষণ, লাভ কৰিব প্ৰশংসা...

শিক্ষক দিৱসৰ ভাষণ

Published: 

31 Aug 2025 21:52 PM

প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মতিথিত এই দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠান, মহাবিদ্যালয় আদিত শিক্ষক দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। য’ত ছাত্ৰ-ছাত্ৰীসকলে ভাষণ দিয়ে। যদিও আপুনিও শিক্ষক দিৱস উপলক্ষে ভাষণ দিব বিচাৰে তেন্তে তলত দিয়া ধৰণে দিব পাৰে।

নমস্কাৰ! আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, দাদা-বাইদেউ, ভাই-ভনী সতীৰ্থসকল। আমি জানো যে, প্ৰতিবছৰে আমি ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে দেশৰ প্ৰথম উপ- ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ,দাৰ্শনিক সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। সেই মহান ব্যক্তিগৰাকীক উদ্দেশ্য কৰিয়েই বছৰ বছৰ ধৰি শিক্ষক দিৱস পালন কৰি অহা হৈছে। ভাষণৰ আৰম্ভণিতে সেই মহান ব্যক্তিগৰাকীলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তিৰুত্তনী গ্ৰামত। সেই ঠাই বৰ্তমান তামিলনাডুৰ তিৰুবল্লুৰ জিলাত আছে। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বেপল্লী বীৰস্বামীয়াহ আৰু মাতৃ আছিল সীতাম্মা। ৰাধাকৃষ্ণণে সৰুৰে পৰা বহু কষ্টৰে ডাঙৰ-দীঘল হৈছিল। তেওঁ আছিল একেধাৰে প্ৰখ্যাত দাৰ্শনিক, লেখক, শিক্ষক আৰু ৰাজনেতা। ভাৰতৰ বৌদ্ধিক আৰু শৈক্ষিক জগতত তেওঁৰ ভূমিকা অতুলনীয়। ৰাধাকৃষ্ণণক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰা হৈছিল।

ৰাধাকৃষ্ণণে প্ৰায় ৪০ বছৰ শিক্ষকতা কৰিছিল। শিক্ষা সমাজৰ প্ৰতি থকা অৱদানৰ বাবে তেওঁৰ জনপ্ৰিয়তাও আছিল বহুত। এবাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰাধাকৃষ্ণণৰ জন্মদিন পালন কৰিব বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল “মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ’ব”। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

সৰ্বেপল্লী ৰাধাকৃষ্ণণে উপ-ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু আজিও তেওঁৰ নাম যেন এজন শিক্ষক হিচাপেহে জিলিকি আছে।

শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকৰ স্থান মোৰ জীৱনত অধিক। আপোনালোকে মোৰ জীৱনত যি পোহৰ দিছে তাৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। মই আপোনালোকৰ ওচৰত সদায় চিৰঋণী হৈ ৰ’ম। কেৱল অ, আ, ক, খ নহয়, আপোনালোকে মোৰ জীৱনৰ পাঠো শিকাইছে। যাৰ বাবে আজি মই এনেকৈ থিয় হৈ আপোনালোকৰ আগত ভাষণ দিব পাৰিছো। আপোনালোকৰ সান্নিধ্য পাই মই ধন্য। শেষত সকলোকে ধন্যবাদ জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছো।

 

অন্য খবৰ পঢ়কঃ Teacher’s day শিক্ষক দিৱসৰ ভাষণ, এনেদৰে শিক্ষাগুৰুক জনাওক শুভেচ্ছা…

এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক
যিবোৰ সমস্যা প্ৰায়ে গুৰুত্ব দিয়া নহয়! মহিলাসকলৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণসমূহ জানি লওক
হঠাৎ জিভাৰে সোৱাদ নোপোৱা হৈছে নেকি? আওকাণ নকৰিব এই লক্ষণ
এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!