Teachers’ day 2025: সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১০টা মহান বাণীয়ে ধন্য কৰি তুলিব আপোনাৰ জীৱন…

Dr Sarvepalli Radhakrishnan Quotes: ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণে বহু প্ৰেৰণাদায়ক কথা কৈ গৈছে। যিয়ে আজিও বহু মানুহক প্ৰভাৱিত কৰে। এইগৰাকী মহান ব্যক্তিৰ জন্মতিথিতে শিক্ষক দিৱস পালন কৰা হয়।

Teachers day 2025: সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১০টা মহান বাণীয়ে ধন্য কৰি তুলিব আপোনাৰ জীৱন...

সৰ্বেপল্লী ৰাধাকৃষ্ণণ

Updated On: 

04 Sep 2025 10:55 AM

প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক, শিক্ষক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মতিথিত এই দিৱস পালন কৰা হয়। ৰাধাকৃষ্ণণে প্ৰায় ৪০ বছৰ শিক্ষকতা কৰিছিল। এবাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ জন্মদিন পালন কৰিব বিচাৰিছিল। কিন্তু তেতিয়া তেওঁ কৈছিল- তোমালোকে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে যথেষ্ঠ সুখী হ’ম। তাৰ পাছতে ১৯৬২ চনৰ পৰা ৰাধাকৃষ্ণণৰ জন্ম দিনটোত শিক্ষক দিৱস পালন কৰি অহা হৈছে।

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত। তেওঁ আছিল একেধাৰে প্ৰখ্যাত দাৰ্শনিক, লেখক, শিক্ষক, ৰাজনেতা। তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে তেওঁক বিভূষিত কৰিছিল। এইগৰাকী মহান ব্যক্তিগৰাকীয়ে ছাত্ৰ-ছাত্ৰী তথা মানৱ সমাজৰ বাবে বহু বাণী কৈ গৈছে। ইয়াৰ বিষয়ে জানিলে অনুপ্ৰেৰণা লাভ কৰিব পাৰি। গতিকে সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১০টা মহান বাণী তলত উল্লেখ কৰা হ’ল-

১) শিক্ষক এডাল জ্বলি থকা মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ বিলায়।

২)জ্ঞান আৰু বিজ্ঞানৰ আধাৰতহে আনন্দ আৰু সুখেৰে ভৰা জীৱন এটা সম্ভৱ।

৩)প্ৰকৃত শিক্ষক হ’ল সেইসকল যিয়ে আমাক নিজৰ বাবে চিন্তা কৰাত সহায় কৰে।

৪)শিক্ষাৰ দ্বাৰাহে মানুহৰ মগজুৰ সঠিক ব্যৱহাৰ হ’ব পাৰে। গতিকে পৃথিৱীখনক এটা একক হিচাপে বিবেচনা কৰি শিক্ষা পৰিচালনা কৰিব লাগে।

৫)এজন ভাল শিক্ষাগুৰু সেইজন, যিয়ে গোটেই জীৱন নিজে শিকি থাকে আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষা দিবলৈ কুণ্ঠাবোধ নকৰে।

৬)জ্ঞানে আমাক শক্তি দিয়ে, প্ৰেমে আৰু পৰিপূৰ্ণতা দিয়ে।

৭)কিতাপ পঢ়িলে আমাৰ নিসংগভাৱে চিন্তা কৰাৰ অভ্যাস আৰু প্ৰকৃত সুখৰ সৃষ্টি হয়।

৮)কেৱল নিৰ্মল মনৰ এজন ব্যক্তিয়ে জীৱনৰ আধ্যাত্মিক অৰ্থ বুজিব পাৰে। আধ্যাত্মিক সততাৰ বাবে নিজৰ প্ৰতি সততা অতি প্ৰয়োজনীয়।

৯)কিতাপ এনে এক মাধ্যম যাৰ জৰিয়তে আমি বিভিন্ন সংস্কৃতিৰ মাজত সেতু নিৰ্মাণ কৰিব পাৰো।

১০)শিক্ষাৰ পৰিণাম এজন মুক্ত আৰু ৰচনাত্মক ব্যক্তি হ’ব লাগে, যিয়ে ঐতিহাসিক পৰিস্থিতি আৰু প্ৰাকৃতিক সংকটৰ বিৰুদ্ধে যুঁজিব পাৰে।

১১)যেতিয়া মানৱ দানৱ সেয়া তেওঁৰ পৰাজয়।যেতিয়া মানৱ মহামানৱ হয় তেতিয়া সেয়া তেওঁৰ চমৎকাৰ।

১২)শিক্ষক সেইসকল নহয় যিয়ে বলপূৰ্বকভাৱে শিক্ষাৰ্থীক শিক্ষা দিব বিচাৰে। প্ৰকৃত শিক্ষক সেইসকল যিয়ে আহিবলগীয়া পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থাকে।

 

অন্য খবৰ পঢ়কঃ Teachers’ Day 2025 speech: এনেদৰে দিয়ক ‘শিক্ষক দিৱস’ৰ ভাষণ, লাভ কৰিব প্ৰশংসা…

চন্দ্ৰগ্ৰহণত দুৰ্লভ সংযোগ, এই ৩ ৰাশিৰ উদয় হ’ব ভাগ্য!
এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?