Jobs: দশম উত্তীৰ্ণৰ বাবে চাকৰি! খালী ২৫,৪৮৭ টা পদ, দৰমহা ৬০,০০০ ৰো অধিক, কেনেকৈ আবেদন কৰিব জানক…

SSC Jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে সুখবৰ! এছ এছ চিয়ে কেইবাটাও পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে। বৰ্তমান চলি আছে আবেদন প্ৰক্ৰিয়া।

Jobs: দশম উত্তীৰ্ণৰ বাবে চাকৰি! খালী ২৫,৪৮৭ টা পদ, দৰমহা ৬০,০০০ ৰো অধিক, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

10 Dec 2025 | 05:33 PM

আপুনি চাকৰি বিচাৰি আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পাৰে। শেহতীয়াকৈ ষ্টাফ ছেকচন কমিছন (SSC) য়ে কেইবাটাও বিভাগত নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ২৫,৪৮৭ টা পদ পূৰণ কৰা হ’ব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে বি এছ এফ, এছ এছ বি আদিকে ধৰি বিভিন্ন বিভাগৰ খালী পদ পূৰণ  কৰা হব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে।

এই আবেদন প্ৰক্ৰিয়া ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ৩১ ডিচেম্বৰ, ২০২৫ লৈ চলিব। গতিকে এই সময়খিনিৰ ভিতৰতে আপুনি আবেদন কৰিব পাৰে।

পদৰ বিষয়ে

  • পদৰ নামঃ কনিষ্টবল (জেনেৰেল ডিউটি)
  • পদৰ সংখ্যাঃ ২৫,৪৮৭ টা।
  • পুৰুষঃ ২৩,৪৬৭ টকা
  • মহিলাঃ ২,০২০ টা

পদসমূহ

  • বি এছ এফ (BSF): ৬১৬ টা
  • চি আই এছ এফ (CISF): ১৪৫৯৫ টা।
  • চি আৰ পি এফ (CRPF): ৫৪৯০ টা।
  • এছ এছ বি (SSB): ১৭৬৪ টা।
  • আই টি বি পি (ITBP): ১২৯৩ টা।
  • আছাম ৰাইফলছ (Assam Rifles): ১৭০৬ টা।
  • এছ এছ এফ (SSF): ২৩ টা।

পে স্কেলঃ পে লেভেল-৩, (২১,৭০০ ৰ পৰা ৬৯,১০০ টকালৈ)

অৰ্হতা

  • প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম উত্তীৰ্ণ হ’ব লাগিব।
  • প্ৰাৰ্থীৰ বয়স ১৮ ৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত শিথিলতা লাভ কৰিব।

আবেদন কৰিবলৈঃ ক্লিক কৰক

মাচুল

  • জেনেৰেলঃ ১০০ টকা।
  • অবিচি, এমঅবিচিঃ ১০০ টকা।
  • সংৰক্ষিত শ্ৰেণী, মহিলা, প্ৰাক্তন কৰ্মচাৰীৰ বাবে মাচুল নাই।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি SSC Recruitment Portal লৈ যাওক।
  • পাছত Important Web-Linksতক্লিক কৰক।
  • পঞ্জীয়ন কৰক।
  • আবেদন পূৰ কৰক।
  • মাচুল দি আবেদন চাবমিট কৰক।

অধিক জানিবলৈ আপুনি SSC ৰ অফিচিয়েল ৱেবচাইটত চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ DRDO ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...