ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়। ১৮৩৪ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক’ৰ্গ ৰাজ্যখন নিজৰ অধীনলৈ আনে। ককেদৰে আজিৰ দিনটোতে ব্ৰিটেইনত মহিলাৰ ভোটদানৰ বয়স ৩০ৰ পৰা ২১ বছৰলৈ হ্ৰাস কৰা হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

07 May 2025 | 10:18 AM

আজি ৭ মে’ৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়। ১৮৩৪ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক’ৰ্গ ৰাজ্যখন নিজৰ অধীনলৈ আনে। ককেদৰে আজিৰ দিনটোতে ব্ৰিটেইনত মহিলাৰ ভোটদানৰ বয়স ৩০ৰ পৰা ২১ বছৰলৈ হ্ৰাস কৰা হয়।

চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

  1. ১৬৬৩ চনৰ আজিৰ দিনটোতে লণ্ডনত বিখ্যাত নাট্যকাৰ থমাছ কিলিগ্ৰুৰ দ্বাৰা নিৰ্মিত ৰয়েল থিয়েটাৰ মুকলি হয়।
  2. ১৮৩৪ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক’ৰ্গ ৰাজ্যখন নিজৰ অধীনলৈ আনে।
  3. ১৮৬১ চনৰ আজিৰ দিনটোতে বিখ্যাত বঙালী কবি, গল্পকাৰ, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, প্ৰবন্ধকাৰ আৰু চিত্ৰকৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম। ১৯১৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
  4. ১৯০৭ চনৰ আজিৰ দিনটোতে বোম্বাইত প্ৰথমখন বৈদ্যুতিক ট্ৰাম গাড়ী চলিছিল।
  5. ১৯২৮ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনত মহিলাৰ ভোটদানৰ বয়স ৩০ৰ পৰা ২১ বছৰলৈ হ্ৰাস কৰা হয়।
  6. ১৯৪৫ চনৰ আজিৰ দিনটোতে জাৰ্মান জেনেৰেল গুস্তাভ জোডলে আত্মসমৰ্পণৰ কাগজত স্বাক্ষৰ কৰি ইউৰোপত ছবছৰীয়া যুদ্ধৰ অন্ত পেলায়। এই সন্দৰ্ভত লণ্ডন, মস্কো আৰু ৱাশ্বিংটনত চৰকাৰী বিবৃতি জাৰি কৰা হয়।
  7. ১৯৭৩ চনৰ আজিৰ দিনটোতে ইটানগৰক সুন্দৰ উত্তৰ-পূব ৰাজ্য অৰুণাচল প্ৰদেশৰ নতুন ৰাজধানী হিচাপে গঢ়ি তোলাৰ কাম আৰম্ভ হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...