ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

মোগল সম্ৰাট শ্বাহজাহানে পত্নী মুমতাজৰ স্মৃতিত নিৰ্মাণ কৰা তাজমহলৰ কাম ৯ মে’ত সম্পূৰ্ণ হয়। ১৯৯৩ চনৰ ৯ মে’ত দক্ষিণ আমেৰিকাৰ দেশ ইকুৱেডৰৰ নামবিজা অঞ্চলত ভূমিস্খলনৰ ফলত তিনিশ লোকৰ মৃত্যু হৈছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ দিনটোৰ ইতিহাস ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

09 May 2025 | 10:37 AM

৯ মে’ৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । মোগল সম্ৰাট শ্বাহজাহানে পত্নী মুমতাজৰ স্মৃতিত নিৰ্মাণ কৰা তাজমহলৰ কাম ৯ মে’ত সম্পূৰ্ণ হয়। ১৯৯৩ চনৰ ৯ মে’ত দক্ষিণ আমেৰিকাৰ দেশ ইকুৱেডৰৰ নামবিজা অঞ্চলত ভূমিস্খলনৰ ফলত তিনিশ লোকৰ মৃত্যু হৈছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ দিনটোৰ ইতিহাস ।

আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

  1. ২০০০ চনৰ আজিৰ দিনটোতে জাফনা উপদ্বীপৰ এলিফেণ্ট পাছ দখল কৰাৰ বাবে এল টি টি ইৰ সৈতে হোৱা সংঘাতত ৩৫৮ জন শ্ৰীলংকাৰ সৈন্য নিহত হয়।
  2. ১৫৪০ চনৰ আজিৰ জিনটোতে মেৱাৰৰ উদয়পুৰত চিচোদিয়া বংশৰ ৰজা মহাৰাণা প্ৰতাপ জন্ম হয় ।
  3. ১৬৮৯ চনৰ আজিৰ দিনটোতে ইংৰাজ শাসক তৃতীয় উইলিয়ামে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  4. ১৮৬৬ চনৰ আজিৰ দিনটোতে মহান নেতা, সমাজ সংস্কাৰক আৰু চিন্তাবিদ গোপাল কৃষ্ণ গোখলেৰ জন্ম।
  5. ১৯৪৬ চনত ড° ৰাম মনোহৰ লোহিয়াৰ নেতৃত্বত গোৱাত পৰ্তুগীজ শাসনৰ বিৰুদ্ধে প্ৰথম সত্যগ্ৰহ আন্দোলন আৰম্ভ হয়।
  6. ১৯৪৭ চনৰ আজিৰ দিনটোতে বিশ্বৰ বিত্তীয় প্ৰতিষ্ঠান বিশ্ব বেংকে ফ্ৰান্সক প্ৰথম ঋণ প্ৰদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ফ্ৰান্সে পুনৰ নিৰ্মাণৰ বাবে ৫০ কোটি ডলাৰৰ ঋণ বিচাৰিছিল আৰু ১৯৪৪ চনত স্থাপিত বিশ্ব বেংকে সেই ধনৰ আধা অৰ্থাৎ ২৫ কোটি ডলাৰ দিছিল।
  7. ১৯৫৫ চনৰ আজিৰ দিনটোতে পশ্চিম জাৰ্মানী নাটোৰ সদস্য হয় আৰু ফ্ৰান্সত থকা নাটোৰ মুখ্য কাৰ্যালয়ত জাৰ্মানীৰ পতাকা উত্তোলন কৰা হয়।
  8. ২০১২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই সমকামী বিবাহক সমৰ্থন কৰে।
  9. ২০২৩ চনৰ আজিৰ দিনটোতে দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...