ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
ভাৰতে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত ১৯৯২ চনৰ ১৪ মে’ত LTTE ক নিষিদ্ধ কৰিছিল। ইউৰোপীয় সংঘ, কানাডা আৰু আমেৰিকাতো এই সংগঠনটো নিষিদ্ধ কৰা হৈছিল। চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

ভাৰত আৰু বিশ্বৰ ইতিহাসত ১৪ মে’ৰ দিনটো এক বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোতে ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ বিদ্ৰোহী সংগঠন এল টি টি ইক নিষিদ্ধ কৰিছিল। ভাৰতে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত ১৯৯২ চনৰ ১৪ মে’ত LTTE ক নিষিদ্ধ কৰিছিল। ইউৰোপীয় সংঘ, কানাডা আৰু আমেৰিকাতো এই সংগঠনটো নিষিদ্ধ কৰা হৈছিল।
ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা
- ১৬০৭ চনৰ আজিৰ দিনটোতে উত্তৰ আমেৰিকাত ব্ৰিটিছে প্ৰথম স্থায়ী ঘাটি স্থাপন কৰে। ইয়াৰ নাম ৰখা হৈছিল ভাৰ্জিনিয়াৰ জেমছ টাউন।
- ১৬১০ চনৰ আজিৰ দিনটোতে ফ্ৰান্সত চতুৰ্থ হেনৰীক হত্যা কৰা হয় আৰু ত্ৰয়োদশ লুই ফ্ৰান্সৰ সিংহাসনত আৰোহণ কৰে।
- ১৭০২ চনৰ আজিৰ দিনটোতে ইংলেণ্ড আৰু নেদাৰলেণ্ডে ফ্ৰান্স আৰু স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৮১১ চনৰ আজিৰ দিনটোতে পেৰাগুৱে স্পেইনৰ পৰা মুক্ত হয়।
- ১৯৪৮ চনৰ আজিৰ দিনটোতে ইজৰাইলে ব্ৰিটেইনৰ পৰা স্বাধীনতা ঘোষণা কৰে।
- ১৯৫৫ চনৰ আজিৰ দিনটোতে ৱাৰ্ছ চুক্তি স্বাক্ষৰিত হয়। পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছত ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰ দেশসমূহে এই সন্ধি স্বাক্ষৰ কৰিছিল।
- ১৯৬৩ চনৰ আজিৰ দিনটোতে কুৱেইট ৰাষ্ট্ৰসংঘৰ ১১১ সংখ্যক সদস্য হিচাপে পৰিগণিত হয়।
- ১৯৭৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সামৰিক বাহিনীত মহিলাৰ সম অধিকাৰক অনুমোদন জনায়।
- ১৯৯২ চনৰ আজিৰ দিনটোতে ভাৰতে এল টি টি ইক নিষিদ্ধ কৰে।