SBI job: স্নাতকৰ বাবে বেংকত চাকৰিঃ খালী ৯০০ ৰো অধিক পদ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Bank Job: চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। বেংকত ওলাইছে চাকৰি। ইয়াৰ অধীনত ৯০০ ৰো অধিক পদ পূৰণ কৰা হ'ব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে।

চাকৰি
চৰকাৰী চাকৰি বিচাৰি থকা স্নাতকসকলৰ বাবে ভাল খবৰ। বেংকত ওলাইছে চাকৰি। ভাৰতীয় ষ্টেট বেংক (SBI)য়ে ২০২৫ চনৰ SCO ৰ খালী পদৰ বাবে আবেদন আহ্বান কৰিছে। বৰ্তমান এই আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে বেংকৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ শেষ সময়সীমা ৫ জানুৱাৰী ২০২৬।
এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি এছ বি আইয়ে ৯৯৬টা স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ (SCO)ৰ পদ পূৰ কৰিব। প্ৰাৰ্থীসকলে কেৱল অনলাইনৰ দ্বাৰাহে আবেদন কৰিব পাৰিব। এই আবেদন দাখিল কৰাৰ বাবে বেংকে কিছুমান যোগ্যতা নিৰ্ধাৰণ কৰি দিছে।
অৰ্হতা
SBI য়ে জাৰি কৰা জাননী অনুসৰি, বিশেষজ্ঞ কেডাৰ বিষয়া (SCO) পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল যিকোনো কৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। পদ অনুসৰি বয়সৰ সীমা বেলেগ বেলেগ আছে। গতিকে যোগ্যতাৰ বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।
মাচুল
- সাধাৰণ, অ’বিচি, আৰু ইডব্লিউএছঃ ৭৫০ টকা
- অনুসূচিত জাতি, অনুসূচিত জাতি, আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলে মাচুল দিব নালাগে।
কেনেকৈ আবেদন কৰিব
- প্ৰথমে আপুনি বেংকৰ অফিচিয়েল ৱেবচাইট sbi.co.in লৈ যাওক।
- হোম পেজৰ কেৰিয়াৰ টেবত ক্লিক কৰক।
- SBI SCO Registration লিংকত ক্লিক কৰক।
- ৰেজিষ্টাৰ কৰক।
- আবেদন পূৰ কৰক।
- প্ৰয়োজনীয় নথিবোৰ দিয়ক।
- মাচুল দি চাবমিট কৰক।
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক
কেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰিব?
ব্যক্তিগত/টেলিফোনিক/ভিডিঅ’ সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব। সাক্ষাৎকাৰত ১০০ নম্বৰ থাকিব। সাক্ষাৎকাৰৰ নম্বৰৰ ওপৰত ভিত্তি কৰি মেধা নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ পিছত সফল প্ৰাৰ্থীসকলে নথিপত্ৰ পৰীক্ষণকে ধৰি পৰৱৰ্তী নিৰ্বাচন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব। এনেকৈ চূড়ান্ত প্ৰাৰ্থী নিৰ্বাচিত হ’ব।
অন্য খবৰ পঢ়কঃ ৰে’লৱেত খালী ২২,০০০ পদ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…