বেংকত ওলাইছে চাকৰিঃ দৰমহা ১ লাখ টকা পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

JOB: চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক সুখবৰ। বিশেষকৈ আপুনি যদি বেংকত কাম কৰিব বিচাৰে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো এছ বি আইত ওলাইছে চাকৰি। গতিকে যোগ্যসকলে কৰিব পাৰে আবেদন।

বেংকত ওলাইছে চাকৰিঃ দৰমহা ১ লাখ টকা পৰ্যন্ত! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

16 Sep 2025 | 03:38 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে সুখবৰ। বিশেষকৈ যদি বেংকত চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। শেহতীয়াকৈ ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI) য়ে কেইবাটা পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত এছ বি আই (SBI) য়ে ১২২ টা স্পেচিয়েল অফিচাৰ (MMG S-II and III) পদ পূৰণ কৰিব।

গতিকে আপুনি যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক তেন্তে অনলাইন আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া ১১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ই ২ অক্টোবৰলৈ চলি থাকিব। এই পদসমূহৰ বাবে দৰমহা ৮৫,৯২০ ৰ পৰা ১,০৫,২৮০ টকা পৰ্যন্ত।

পদৰ বিৱৰণ

  • পদৰ নামঃ মেনেজাৰ (Manager, credit Analyst)
  • পদৰ সংখ্যাঃ ৬৩
  • বয়স ২৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত
  • দৰমহাঃ (85920-2680/5-99320-2980/2-105280)
  • শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতক (যিকোনো শাখা) আৰু এম বি এ (বিত্ত) / পি জি ডি বি এ / পি জি ডি বি এম / এম এম এছ (বিত্ত) / চি এ / চি এফ এ / আই চি ডব্লিউ এ।

 

  • পদৰ নামঃ মেনেজাৰ (Products – Digital Platforms)
  • পদৰ সংখ্যাঃ ৩৪ টা।
  • বয়সঃ ২৮ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত।
  • দৰমহাঃ (85920-2680/5-99320-2980/2-105280)
  • অৰ্হতাঃ বি ই. বিটেক.( আই টি/ কম্পিউটাৰ/ কম্পিউটাৰ বিজ্ঞান/ ইলেক্ট্ৰনিক্স/ বৈদ্যুতিক/ যন্ত্ৰপাতি/ ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচনত)। বা কমেও ৬০শতাংশৰ সৈতে MCA উত্তীৰ্ণ

 

  • পদৰ নামঃ ডিপ্যুটি মেনেজাৰ (Products – Digital Platforms)
  • পদৰ সংখ্যাঃ ২৫
  • বয়সঃ ২৫ৰ পৰা ৩২ বছৰৰ ভিতৰত
  • দৰমহাঃ (64820-2340/1-67160-2680/10-93960)
  • অৰ্হতাঃ বি.ই, বি.টেক (আই টি/ কম্পিউটাৰ/ কম্পিউটাৰ বিজ্ঞান/ ইলেক্ট্ৰনিক্স/ বৈদ্যুতিক/ যন্ত্ৰপাতি/ ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যন) বা ৬০ শতাংশ নম্বৰৰ সৈতে এম চি এ

মাচুল

  • জেনেৰেল, ই ডব্লিউ এছ, অবিচিঃ ৭৫০ টকা।
  • অন্য শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে কোনো মাচুল নাই।
  • মাচুল অনলাইনৰ জৰিয়তে দিব পাৰিব।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি SBI ৰ অফিচিয়েল ৱেবচাইটত যাওক।
  • পাছত Important Web-Links ত ক্লিক কৰক।
  • Online Application Formত ক্লিক কৰক।
  • নিজৰ সকলো তথ্য দিয়ক।
  • মাচুল জমা কৰক।
  • চাবমিট কৰক।

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

উল্লেখ্য যে, প্ৰতিটো পদৰ বাবে কিছু অভিজ্ঞতাৰো প্ৰয়োজন হব। ইয়াৰ বিষয়ে অধিক জানিবলৈ আপুনি এছ বি আইৰ অফিচিয়েল ৱেবচাইট চাব পাৰে। গতিকে আপুনি যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন জনাব পাৰে।

 

অন্য খবৰ পঢ়কঃ স্নাতকৰ বাবে চাকৰি, দৰমহা ৪৪,০০০ টকা পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...