NEET Results 2025: দিনত বিক্ৰী কৰে মোবাইল ক’ভাৰ, নিশা পঢ়ে কিতাপ ! অৱশেষত চিকিৎসক হোৱাৰ দিশে পাচলি বিক্ৰেতাৰ পুত্ৰ ৰোহিত…
অতি সাধাৰণ ঘৰৰ এই যুৱকজনে NEET পৰীক্ষাত ৫৪৯ নম্বৰ লাভ কৰি সকলোকে আচৰিত কৰি তোলে। সৰ্বভাৰতীয় পৰ্যায়ত ৰোহিতৰ ৰেংক ১২,৪৮৪।

যুৱকজন
চেষ্টাৰ অসাধ্য একো নাই। এই কথা পুনৰ প্ৰমাণ কৰি দিলে ৰোহিতে। নিজৰ লক্ষ্য স্থিৰ থাকিলে যে যিকোনো বস্তুয়ে আহৰণ কৰিব পাৰি সেই কথাৰ প্ৰমাণ যেন ৰোহিত। আৰ্থিক সামৰ্থ্য অবিহনে কেৱল অদম্য ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনে চিকিৎসাৰ প্ৰৱেশ পৰীক্ষা NEET (NEET UG)ত উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হয়।
ঝাৰখণ্ডৰ জামছেদপুৰৰ বাসিন্দা ৰোহিত কুমাৰ। অতি সাধাৰণ ঘৰৰ এই যুৱকজনে NEET পৰীক্ষাত ৫৪৯ নম্বৰ লাভ কৰি সকলোকে আচৰিত কৰি তোলে। সৰ্বভাৰতীয় পৰ্যায়ত ৰোহিতৰ ৰেংক ১২,৪৮৪। ৰোহিতে ঝাৰখণ্ডৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞান পঢ়াৰ সুযোগ লাভ কৰে।
অৱশ্যে এই আসনখন ৰোহিতে সহজে লাভ কৰা নাই। ইয়াক লাভ কৰিবলৈ ৰোহিতে যি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল, সেই বিষয়টোৱে বিভিন্নজনক অনুপ্ৰাণিত কৰিব। ৰোহিতৰ পিতৃয়ে শাক-পাচলি বিক্ৰী কৰে। পৰিয়ালটো চলাবলৈ ৰোহিতেও কাম কৰিব লগা হৈছিল। গোটেই দিনটো মোবাইল কভাৰ বিক্ৰী কৰাৰ কাম কৰিছিল ৰোহিতে। তাৰ পাছতে নিশা পঢ়া-শুনা কৰি মেডিকেল প্ৰৱেশ উত্তীৰ্ণ হোৱাৰ সপোন দেখিছিল। এতিয়া যেন সেই সপোনে ফল ধৰিলে। মেডিকেল প্ৰৱেশ পৰীক্ষাত স্থান নিশ্চিত কৰিছে ৰোহিতে।
ৰোহিত কুমাৰে কয় যে তেওঁ পঢ়া-শুনা কৰি ভাল পায়। তেওঁ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈ কলেজত নামভৰ্তি কৰিছিল। কিন্তু পাছলৈ NEETৰ প্ৰস্তুতিৰ বাবে কলেজ এৰি দিছিল। তেওঁ কয় যে , কোভিডৰ সময়ত তেওঁ চিকিৎসক হোৱাৰ সপোন দেখিছিল। ৰোহিতে কয় যে কোৰোনাৰ সময়ত ৰোহিতে এটা মেডিকেল ষ্ট’ৰত কাম কৰিছিল। তাতেই তেওঁ চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে অনুপ্ৰাণিত হৈছিল। NEET ৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ বহুত কষ্ট কৰিছিল। গোটেই দিনটো গাড়ী ঠেলি মোবাইল কভাৰ বিক্ৰী কৰিছিল। ঘৰলৈ উভতি অহাৰ পিছত তেওঁ পুৱা ৩ বজালৈকে পঢ়িছিল, পিছদিনা পুৱা পুনৰ ৭ বজাত কামলৈ গৈছিল। এই কষ্টৰ বিনিময়তে ৰোহিতে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।
ফিজিক্সৱালাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অলখ পাণ্ডেই ৰোহিতৰ এই জীৱন সংগ্ৰামৰ ওপৰত আলোকপাত কৰিছে। তেওঁ ব্যক্তিগতভাৱে ৰোহিতক লগ কৰিবলৈ ইচ্ছুক প্ৰকাশ কৰে। ফিজিক্সৱালাৰ চিইঅ’ গৰাকীয়ে কয় যে ৰোহিত তেওঁলোকৰ উমীদ বেচৰ ছাত্ৰ আছিল। এই কোচিঙে বিনামূলীয়াকৈ NEET ৰ বাবে প্ৰস্তুতি চলোৱাৰ সুযোগ প্ৰদান কৰে।
অন্য খবৰ পঢ়কঃ ভাৰত-UAE ৰ সম্পৰ্কৰ শক্তিশালী স্তম্ভ দেশখনত থকা ৩৫ লাখ ভাৰতীয়ঃ NEWS9 গ্ল’বেল ছামিটত হৰদ্বীপ সিং পুৰী…