Republic Day 2026: ২৬ জানুৱাৰীত পতাকা উত্তোলন নহয়, উৰুওৱাহে হয়… গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ এই পাৰ্থক্য জানেনে?

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস কিয় উদযাপন কৰা হয় সেই বিষয়ে বেছিভাগ মানুহেই জানে। কিন্তু কেনেকৈ পালন কৰা হয় সেয়া বিভ্ৰান্তিৰ বিষয় হৈয়েই আছে। এই বিভ্ৰান্তিৰ সমাধানৰ বাবে আমি দুটা ৰাষ্ট্ৰীয় উৎসৱৰ মাজৰ পাৰ্থক্যসমূহ পদ্ধতিগতভাৱে ব্যাখ্যা কৰিবলৈ কেইটামান কথাৰ ৰূপৰেখা দাঙি ধৰিম।

Republic Day 2026: ২৬ জানুৱাৰীত পতাকা উত্তোলন নহয়, উৰুওৱাহে হয়... গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ এই পাৰ্থক্য জানেনে?

ৰাষ্ট্ৰীয় পতাকা

Updated On: 

20 Jan 2026 | 03:30 PM

​​২৬ জানুৱাৰীত ভাৰতে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে।তাৰ পিছত প্ৰায় ডেৰ-দুবছৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী হয়। এই দিৱস প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। স্বাধীন গণৰাজ্য হ’বলৈ ভাৰতৰ সংবিধান সভাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান গৃহীত কৰে যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই সংবিধান কাৰ্যকৰী হয়।

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস কিয় উদযাপন কৰা হয় সেই বিষয়ে বেছিভাগ মানুহেই জানে। কিন্তু কেনেকৈ পালন কৰা হয় সেয়া বিভ্ৰান্তিৰ বিষয় হৈয়েই আছে। এই বিভ্ৰান্তিৰ সমাধানৰ বাবে আমি দুটা ৰাষ্ট্ৰীয় উৎসৱৰ মাজৰ পাৰ্থক্যসমূহ পদ্ধতিগতভাৱে ব্যাখ্যা কৰিবলৈ কেইটামান কথাৰ ৰূপৰেখা দাঙি ধৰিম।

(১) ২৬ জানুৱাৰীক গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় কাৰণ ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল।দেশখনে ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল, আৰু সেয়েহে, এই দিৱস স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।

(২) স্বাধীনতা দিৱসত পতাকাখন তলৰ পৰা ৰছীৰে ওপৰলৈ টানি নিয়া হয়, তাৰ পিছত ৰছীৰে ডাল টানি ত্ৰিৰংগ উত্তোলন কৰা হয়। যিটো অনুষ্ঠানক পতাকা উত্তোলন বুলি জনা যায়। ২৬ জানুৱাৰী, গণৰাজ্য দিৱসত পতাকাখন ওপৰতে বন্ধাই থাকে। ৰছীৰে ডাল টানি পতাকাখন খুলি দিয়া হয়। সংবিধানত ইয়াক “পতাকা উৰুওৱা” বুলি উল্লেখ কৰা হৈছে।

(৩) স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰা হয়, আনহাতে গণৰাজ্য দিৱসত দিল্লীৰ কৰ্তব্য পথত পতাকা উৰুওৱা হয়।

(৪) স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰে, আনহাতে গণৰাজ্য দিৱসত ৰাজপথত ৰাষ্ট্ৰপতিয়ে পতাকা উৰুৱাই।

(৫) গণৰাজ্য দিৱসত আন দেশৰ ৰাষ্ট্ৰপতিসকলক মুখ্য অতিথি হিচাপে পেৰেডত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। স্বাধীনতা দিৱসত কোনো অতিথি নিমন্ত্ৰণ কৰা নহয়।

(৬) ২৯ জানুৱাৰীত বিটিং ৰিট্ৰিট অনুষ্ঠানেৰে গণৰাজ্য দিৱস উদযাপনৰ সামৰণি পৰে, আনহাতে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ সামৰণি পৰে।

(৭) গণৰাজ্য দিৱসত দেশখনে নিজৰ সামৰিক শক্তি আৰু সাংস্কৃতিক স্বকীয়তা প্ৰদৰ্শন কৰে। স্বাধীনতা দিৱসত এনে নহয়।

লগতে পঢ়ক: ছাত্ৰ-ছাত্ৰীৰ বাবে গণৰাজ্য দিৱসৰ চমু ভাষণ…

দিনত শোৱাৰ অভ্যাস ভাল নে বেয়া? ইয়াৰ ফলত কি কি সমস্যা হ'ব পাৰে?
ৰক্তহীনতা কিয় হয় ? শৰীৰত তেজৰ অভাৱ দূৰ কৰাৰ ঘৰুৱা উপায় জানক
পুৱা আপুনিও কৰে নেকি এনে ভুল? সাৱধান, নিজেই মাতি আনিছে ডায়েবেটিছৰ বিপদ
কণী খালে বৃদ্ধি হয় নেকি শৰীৰৰ ওজন? চিকিৎসকৰ পৰা জানক ...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...