আজিৰ দিনটো কিয় বিশেষ ? পলকতে চাওঁ আহক দিনটোৰ ইতিহাস

আজি ২৫ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা।

আজিৰ দিনটো কিয় বিশেষ ? পলকতে চাওঁ আহক দিনটোৰ ইতিহাস
Published: 

25 Nov 2025 | 09:56 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ভাৰতত প্ৰথমবাৰৰ বাবে কানপুৰ আৰু লক্ষ্ণৌৰ মাজত এছটিডি টেলিফোন ব্যৱস্থা ব্যৱহাৰ কৰা হয়। আজিৰ দিনটোতে ফ্ৰান্সৰ ৰাজধানী পেৰিছত বিশ্ব মেলাৰ সামৰণি পৰে। কলম্বোৱে ভাৰতীয় পঞ্চায়তী আৰ্হিৰ অধ্যয়ন আৰম্ভ কৰে। ইয়াৰ লগতে আজিৰ দিনটোত সংঘটিত ঘটনা পৰিঘটনা চাওঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৬৬৭ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ উত্তৰ ককেছাছ অঞ্চলৰ চেমিয়াখাত এক ভয়াৱহ ভূমিকম্পত ৮০ হাজাৰ লোকৰ মৃত্যু হয়।
  2. ১৭৪৪ চনত অষ্ট্ৰিয়াৰ বাহিনীয়ে পেৰাগুৱেৰ ইহুদীসকলৰ বিৰুদ্ধে মাৰাত্মক আক্ৰমণ আৰু লুণ্ঠন চলায়।
  3. ১৭৫৮ চনত ব্ৰিটেইনে ফৰাচী দুৰ্গ ডুকুৱেছনে দখল কৰে।
  4. ১৮৬৬ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ শুভাৰম্ভ হয়।
  5. ১৯৩৬ চনত জাৰ্মানী আৰু জাপানৰ মাজত কমিণ্টাৰ বিৰোধী (কমিউনিষ্ট ইণ্টাৰনেশ্যনেল) চুক্তি স্বাক্ষৰিত হয়।
  6. ১৯৩৭ চনত ফ্ৰান্সৰ ৰাজধানী পেৰিছত বিশ্ব মেলাৰ সামৰণি পৰে।
  7. ১৯৪৮ চনত ভাৰতত নেচনেল কেডেট কৰ্পছ প্ৰতিষ্ঠা হয়।
  8. ১৯৫১ চনত আমেৰিকাৰ আলাবামা ৰাজ্যত ৰেল দুৰ্ঘটনাত সোতৰজন লোকৰ মৃত্যু হয়।
  9. ১৯৬০ চনত ভাৰতত প্ৰথমবাৰৰ বাবে কানপুৰ আৰু লক্ষ্ণৌৰ মাজত এছটিডি টেলিফোন ব্যৱস্থা ব্যৱহাৰ কৰা হয়।
  10. ২০০২ চনত লুচিও গুটেৰেজ ইকুৱেডৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
  11. ২০০৬ চনত কলম্বোৱে ভাৰতীয় পঞ্চায়তী আৰ্হিৰ অধ্যয়ন আৰম্ভ কৰে।
  12. ২০০৭ চনত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ বাবে লাৰকানাৰ পৰা প্ৰাৰ্থিত্ব দাখিল কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৱে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...